ছফদৰজং চিকিৎসালয়ত চলি থকা ছোনম ৱাংচুকৰ চিকিৎসাকেন্দ্ৰিক আইনী প্ৰক্ৰিয়াই লাভ কৰিছে নতুন মোৰ। একক বিচাৰপতিৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই দিল্লী উচ্চ ন্যায়ালয়ৰ ডিভিজন বেঞ্চত আপীল দাখিল কৰিছে অনশনৰত সমাজকৰ্মী ছোনম ৱাংচুকৰ পত্নী গীতাঞ্জলি জে আংমোৱে।

গীতাঞ্জলি আংমোৱে দাখিল কৰা আপীলত দাবী কৰা অনুসৰি, কোনো গ্ৰেপ্তাৰ নকৰাকৈ ছোনম ৱাংচুকক ছফদৰজং চিকিৎসালয়ত ৰাখি থোৱাটো আইনসংগত নহয় আৰু সেই ব্যৱস্থাই তেওঁৰ স্বাধীনতা খৰ্ব কৰিছে। চিকিৎসাৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত লোৱাৰ অধিকাৰ ছোনম ৱাংচুক অথবা তেওঁৰ পত্নীৰ হাতত নথকা বুলিও আপীলখনত অভিযোগ উত্থাপন কৰা হৈছে।

আপীলত আৰু উল্লেখ কৰা অনুসৰি, অৱগত সন্মতিৰ অধিকাৰ আৰু কোনো চিকিৎসা গ্ৰহণ অথবা প্ৰত্যাখ্যান কৰাৰ ব্যক্তিগত অধিকাৰৰ বিষয়টো একক বিচাৰপতিৰ নিৰ্দেশত বিবেচনা কৰা হোৱা নাই। সেই কাৰণেই ছোনম ৱাংচুকক তেওঁলোকে বাছনি কৰা ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰৰ অনুমতি দিবলৈ ডিভিজন বেঞ্চৰ হস্তক্ষেপ বিচৰা হৈছে।

দেওবাৰে অনুষ্ঠিত বিশেষ শুনানিত ছফদৰজং চিকিৎসালয়ত চলি থকা চিকিৎসাত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰিছিল ন্যায়াধীশ মিনী পুষ্কৰ্ণাই। যন্তৰ মন্তৰৰ অনশনস্থলীৰ পৰা চৰকাৰে ছোনম ৱাংচুকক চৰকাৰী চিকিৎসালয়লৈ নিয়া সিদ্ধান্তক স্বেচ্ছাচাৰী বুলি ক’ব নোৱাৰি বুলিও আদালতে পৰ্যবেক্ষণ কৰে।

একক বিচাৰপতিয়ে আৰু মন্তব্য কৰে যে এই পৰ্যায়ত ছোনম ৱাংচুকক ব্যক্তিগত চিকিৎসালয়লৈ তাৎক্ষণিকভাৱে স্থানান্তৰ কৰাৰ প্ৰয়োজন দেখা নাযায়। গীতাঞ্জলি আংমোৱে দাখিল কৰা আবেদনখনৰ শুনানিৰ সময়তে এই পৰ্যবেক্ষণ প্ৰকাশ কৰে আদালতে।

আদালতৰ নিৰ্দেশত উল্লেখ কৰা অনুসৰি, ছফদৰজং চিকিৎসালয়ৰ চিকিৎসকসকলে ছোনম ৱাংচুকৰ স্বাস্থ্য নিবিড়ভাৱে পৰ্যবেক্ষণ কৰি আছে। তেওঁৰ শাৰীৰিক স্বাধিকাৰ উলংঘা কৰি বলপ্ৰয়োগ কৰা হৈছে বুলি এই পৰ্যায়ত ক’ব নোৱাৰি বুলিও স্পষ্ট কৰে আদালতে।

১৬ জুলাইত উচ্চ ন্যায়ালয়ে প্ৰশাসনক ছোনম ৱাংচুকৰ স্বাস্থ্য নিয়মীয়াকৈ পৰ্যবেক্ষণ কৰিবলৈ নিৰ্দেশ দিছিল। সেই নিৰ্দেশত আৰু কোৱা হৈছিল যে, প্ৰয়োজন হ’লে চিকিৎসাজনিত হস্তক্ষেপ গ্ৰহণ কৰিব লাগিব। নিজে কোনো চিকিৎসালয়ত ভৰ্তি নোহোৱাত তেওঁৰ স্বাস্থ্যগত অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ছফদৰজং চিকিৎসালয়লৈ নিয়াটো নিজৰ অধিকাৰৰ ভিতৰতে পৰে বুলিও মন্তব্য কৰে ন্যায়াধীশ মিনী পুষ্কৰ্ণাই।

একক বিচাৰপতিয়ে স্পষ্ট কৰে যে, ছোনম ৱাংচুকৰ স্বাস্থ্য সম্পৰ্কীয় চূড়ান্ত সিদ্ধান্ত চিকিৎসকৰ দলেই প্ৰচলিত চিকিৎসা-পদ্ধতি অনুসৰি গ্ৰহণ কৰিব।

উল্লেখযোগ্য যে, দেওবাৰে জৰুৰী শুনানিৰ আবেদন জনাইছিল গীতাঞ্জলি আংমোৱে। ইয়াৰ আগদিনা অনশনৰ ২১ সংখ্যক দিনত দিল্লী আৰক্ষীয়ে যন্তৰ মন্তৰৰ অনশনস্থলীৰ পৰা ছোনম ৱাংচুকক ছফদৰজং চিকিৎসালয়লৈ লৈ গৈছিল।

প্ৰতিযোগিতামূলক পৰীক্ষাত সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত অনিয়ম আৰু মে’ মাহত নীট প্ৰশ্নকাকত বাতিল হোৱাৰ পাছত একাধিক শিক্ষাৰ্থীৰ মৃত্যুৰ প্ৰতিবাদত ২৮ জুনৰ পৰা অনশন অব্যাহত ৰাখিছে ছোনম ৱাংচুকে।

Leave a Reply

Your email address will not be published. Required fields are marked *