মাতৃৰ হাতত ধৰি স্কুললৈ গৈ থকাৰ সময়তে সংঘটিত এক মৰ্মান্তিত পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ’ল এটি পাঁচ বছৰীয়া কণমানিৰ। উত্তৰ প্ৰদেশৰ গাজিয়াবাদ জিলাৰ অন্তৰ্গত চাহিবাবাদৰ আৰ্থলা এলেকাত শনিবাৰে পুৱা প্ৰায় ৭ বজাত সংঘটিত হয় এই শোকাৱহ ঘটনা। নিহত ছাত্ৰীগৰাকীক নিউ হিণ্ডন বিহাৰৰ বাসিন্দা মহছিনৰ কন্যা তথা এলকেজিৰ ছাত্ৰী ইনায়া বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, আইতাকৰ ঘৰত থাকি স্থানীয় এখন ব্যক্তিগত বিদ্যালয়ত পঢ়ি থকা ইনায়াক লৈ মাতৃ চুলতানা সদায়ৰ দৰে খোজকাঢ়ি স্কুল অভিমুখে ওলাই আহিছিল।

কিন্তু বিদ্যালয়লৈ যোৱাৰ পথতে থকা বালাজী বিহাৰৰ এটা নিৰ্মাণাধীন গৃহৰ সন্মুখ পাওঁতেই ঘটিল এই অঘটন। পথৰ ওপৰত জমা হৈ থকা মাটি আৰু আৱৰ্জনাৰ দ’মৰ ওপৰত হঠাৎ উঠি যায় ইটা কঢ়িয়াই অনা এখন তীব্ৰবেগী ট্ৰেক্টৰ-ট্ৰলীৰ চকা। লগে লগে বাহনখনৰ ভাৰসাম্য হেৰাই যায় আৰু কাষেৰে খোজকাঢ়ি গৈ থকা মাতৃ-কন্যাৰ ওপৰতেই ট্ৰেক্টৰ-ট্ৰলীখন বাগৰি পৰে।

ট্ৰলী আৰু ইটাৰ প্ৰচণ্ড ওজনৰ তলত মাতৃ-কন্যা দুয়ো পোত যায়। স্থানীয় ৰাইজে তৎকালীনভাৱে মাটি আৰু ইটাৰ মাজৰ পৰা দুয়োকে উদ্ধাৰ কৰি বসুন্ধৰাৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায়।

চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে নিশালৈ কণমানি ইনায়াই শেষ নিশ্বাস ত্যাগ কৰে। আনহাতে প্ৰাথমিক চিকিৎসাৰ অন্তত আঘাতপ্ৰাপ্ত মাতৃক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়। ইফালে, দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতেই ট্ৰেক্টৰ এৰি থৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে চালকজনে।

ঘটনা সম্পৰ্কে চাহিবাবাদৰ এচিপি অমিত সাক্সেনাই জনোৱা মতে, পৰিয়ালৰ অভিযোগৰ ভিত্তিত এটা গোচৰ ৰুজু কৰা হৈছে আৰু দুৰ্ঘটনাগ্ৰস্ত বাহনখন জব্দ কৰা হৈছে। সমগ্ৰ ঘটনাটো কাষৰে এটা চিচিটিভি কেমেৰাত আবদ্ধ হৈ পৰাৰ পাছত পলাতক চালকজনক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে অভিযান চলাই আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *