ছেন ফ্ৰাঞ্চিস্কোৰ বে এৰিয়াত অনুষ্ঠিত হোৱা এখন উত্তেজনাপূৰ্ণ ফুটবল খেলত বছনীয়া আৰু হাৰ্জেগ’ভিয়ানাক ২-০ ব্যৱধানত পৰাস্ত কৰি আমেৰিকা যুক্তৰাষ্ট্ৰই  বিশ্বকাপৰ পৰৱৰ্তী নকআউট পৰ্যায়ত স্থান সুৰক্ষিত কৰিছে। এই ঐতিহাসিক জয়েৰে আমেৰিকাই বিশ্বকাপৰ নকআউট পৰ্যায়ত এটা জয়ৰ বাবে কৰিবলগীয়া ২৪ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত পেলালে।খেলখনৰ দ্বিতীয়াৰ্ধত আমেৰিকাৰ গুৰুত্বপূৰ্ণ খেলুৱৈ ফ’লাৰিন বালোগানক ৰঙা কাৰ্ড দেখুওৱাত খেলপথাৰৰ পৰা বাহিৰ হ’বলগীয়া হয়। ইয়াৰ পিছতো ১০ জনীয়া আমেৰিকান দলটোৱে অসাধাৰণ প্ৰদৰ্শন দাঙি ধৰে।

খেলৰ প্ৰথমাৰ্ধৰ ঠিক আগে আগে ফ’লাৰিন বালোগানে প্ৰথমটো গ’ল দি আমেৰিকাক আগুৱাই নিয়ে। ইয়াৰ পিছত খেল শেষ হোৱাৰ মাত্ৰ ৮ মিনিট বাকী থকা অৱস্থাত মালিক তিলমেনে এটা সুন্দৰ ফ্ৰী-কিকৰ জৰিয়তে দ্বিতীয়টো গ’ল কৰি দলৰ জয় নিশ্চিত কৰে।এই জয়েৰে আমেৰিকাই ইউৰোপীয় দলসমূহৰ বিৰুদ্ধে বিগত ১০ খন খেলত মুখামুখি হোৱা ধাৰাবাহিক পৰাজয়ৰ ধাৰাটো ভাঙিবলৈ সক্ষম হয়। ষ্টেডিয়ামত উপস্থিত থকা সহস্ৰাধিক দৰ্শকৰ ইউ এছ এ ধ্বনিয়ে দলটোক খেলিবলৈ দুগুণ উৎসাহ যোগায়।

খ্ৰীষ্টিয়ান পুলিচিচ, ৱেষ্টন ম্যাকিংক আৰু মালিক তিলমেনৰ দৰে তাৰকা খেলুৱৈসকলৰ তীব্ৰ আক্ৰমণাত্মক খেলে বছনীয়াৰ ডিফেন্সক ব্যতিব্যস্ত কৰি ৰাখে। এই জয়ৰ সৈতে আমেৰিকাই এতিয়া ছীয়েটলত হ’বলগীয়া ‘ৰাউণ্ড অব ১৬’ ৰ খেলখনত বেলজিয়ামৰ মুখামুখি হ’ব। আনহাতে বেলজিয়ামে আন এখন ৰোমাঞ্চকৰ খেলত চেনেগালক ৩-২ গ’লত পৰাস্ত কৰি নকআউটত প্ৰৱেশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *