পশ্চিমবংগত এতিয়া যুদ্ধংদেহী ৰূপত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সোমবাৰে ৰাজ্যখনৰ তামলুকত এক নিৰ্বাচনী জনসভাত অংশ লৈ বিজেপি নেতাগৰাকীয়ে মমতা বেনাৰ্জীৰ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। শেহতীয়াকৈ লোকসভাত মহিলা আসন সংৰক্ষণ বিধেয়কৰ বিৰোধিতা কৰা প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে মমতা বেনাৰ্জীয়ে এই স্থিতিৰে দেশৰ মহিলা সমাজক চৰম অপমান কৰিছে। বংগৰ নাৰী শক্তিয়ে নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব বুলিও তেওঁ দাবী কৰে।

নিৰ্বাচনী সভাখনত ৪ মে’ত চৰকাৰ পৰিৱৰ্তন হ’ব বুলি এক মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। মমতা বেনাৰ্জীয়ে বংগত সন্ত্ৰাসৰ শাসন চলোৱাৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে তৃণমূলৰ শাসনকালত চৌদিশে কেৱল দুৰ্নীতি আৰু কেলেংকাৰীহে সংঘটিত হৈছে। সন্ত্ৰাস আৰু দুৰ্নীতিৰ পৰা মুক্তি পাবলৈ বংগবাসী এতিয়া সম্পূৰ্ণ সাজু হৈছে বুলি উল্লেখ কৰি বিজেপি নেতাগৰাকীয়ে চৰকাৰ সলনি হোৱাৰ পাছতেই দুৰ্নীতিগ্ৰস্ত লোকক গ্ৰেপ্তাৰ কৰাৰ হুংকাৰ দিয়ে।

ইফালে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনেও বংগত এতিয়া বিজেপিৰ পক্ষত প্ৰবল বতাহ বলিছে বুলি মন্তব্য কৰে। তৃণমূল কংগ্ৰেছৰ শাসন উৎখাত কৰি ৰাজ্যবাসীয়ে এতিয়া ডাবল ইঞ্জিনৰ চৰকাৰ বিচাৰিছে বুলিও তেওঁ দাবী কৰে। নবীনে লগতে কয় যে মমতা বেনাৰ্জীৰ চৰকাৰৰ ম্যাদ এতিয়া উকলিছে আৰু বংগত বিজেপিৰ চৰকাৰ গঠন হোৱাটো কেৱল সময়ৰহে অপেক্ষা।

উল্লেখ্য যে, পশ্চিমবংগৰ ২৯৪ খন আসনৰ বাবে অহা ২৩ আৰু ২৯ এপ্ৰিলত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন। ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় মেজিক নম্বৰ হৈছে ১৪৮। বিগত নিৰ্বাচনত তৃণমূল কংগ্ৰেছে ২১৩ খন আসন লাভ কৰি ক্ষমতা দখল কৰাৰ বিপৰীতে বিজেপিয়ে মাত্ৰ ৭৭ খন আসনহে লাভ কৰিবলৈ সক্ষম হৈছিল। মঙলবাৰে সন্ধিয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিব লগা সময়তে ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশ এতিয়া যথেষ্ট উত্তপ্ত হৈ পৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ এই নিৰ্বাচনী ভাষণে এতিয়া বংগৰ ৰাজনীতিত নতুন মাত্ৰা প্ৰদান কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *