ৰাষ্ট্ৰীয় ক্ৰীড়া জগতত পুনৰবাৰ গৌৰৱ কঢ়িয়াই আনিলে অসমৰ জীয়ৰী নিশামণি বৰাই। গোৱাত অনুষ্ঠিত হোৱা ২০২৬ বৰ্ষৰ সৰ্বভাৰতীয় নেচনেল ছেইলিং চেম্পিয়নশ্বিপত নিশামণিয়ে অৰ্জন কৰে ৰূপৰ পদক। যোৱা ১৩ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিললৈ অনুষ্ঠিত হোৱা এই মেগা প্ৰতিযোগিতাখনৰ ‘IQ Foil Windsurfing Women’s’ শাখাত অসমক প্ৰতিনিধিত্ব কৰিছিল সৰুপথাৰৰ এইগৰাকী সাহসী খেলুৱৈয়ে। সাগৰৰ বুকুত দুঃসাহসিকতাৰে উইণ্ড ছাৰ্ফিং কৰি নিশামণিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা ছেইলৰ হিচাপে নিজৰ স্থিতি পুনৰ দৃঢ় কৰি তুলিছে। সৰুপথাৰৰ নগাজৰি দ’চুক গাঁৱৰ এক কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা নিশামণিৰ ক্ৰীড়া যাত্ৰা আৰম্ভ হৈছিল এনচিচিৰ জৰিয়তে। এনচিচিৰ কেম্পত উইণ্ড ছাৰ্ফিং খেলৰ এজন পৰ্যবেক্ষকৰ পৰামৰ্শ লাভ কৰাৰ পাছতেই এই দুঃসাহসিক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত হৈছিল তেওঁ। ২০২৩ চনত মেঘালয়ৰ উমিয়াম হ্ৰদত প্ৰশিক্ষণ আৰম্ভ কৰি অতি কম দিনৰ ভিতৰতে তেওঁ ৰাষ্ট্ৰীয় স্তৰত এজনৰ পাছত আনজন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ সৈতে প্ৰতিযোগিতাত নামিবলৈ সক্ষম হয়। ২০২৩ চনত দীপৰ বিলত অনুষ্ঠিত ‘ৰাইজিং ছান ৱাটাৰ ফেষ্টিভেল’ত স্বৰ্ণ পদক জয় কৰি তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা ছেইলৰ হিচাপে ইতিহাস ৰচনা কৰে। উল্লেখ্য যে, কেৰালাত অনুষ্ঠিত বেপুৰ আন্তঃৰাষ্ট্ৰীয় ৱাটাৰ ফেষ্টিভেলৰ পৰা চেন্নাইৰ কাইট ব’ৰ্ডিং চেম্পিয়নশ্বিপলৈকে নিশামণিয়ে কেইবাটাও স্বৰ্ণ আৰু ব্ৰঞ্জৰ পদক বুটলিবলৈ সক্ষম হৈছে। বিপুল বৰা আৰু ৰুণু বৰাৰ একমাত্ৰ কন্যা নিশামণিয়ে সৰুপথাৰ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ লগতে এনচিচিৰ ছিনিয়ৰ ‘চি’ চাৰ্টিফিকেটো অৰ্জন কৰিছে। সাগৰৰ বুকুত অসমীয়াৰ স্বাভিমান গামোচা উৰুৱাই নিশামণিয়ে লাভ কৰা এই সফলতাই এতিয়া ৰাজ্যখনৰ ক্ৰীড়া ক্ষেত্ৰত এক নতুন উৎসাহৰ সঞ্চাৰ কৰিছে। Share this:FacebookX Related Post navigation বংগত ৰাইজে বিচাৰে পৰিবর্তন: সন্ত্ৰাস-দুৰ্নীতিৰ অভিযোগ তুলিলে হিমন্ত বিশ্ব শৰ্মাই এইচপিচিএলৰ মুক্ত বাণিজ্য এলপিজি চিলিণ্ডাৰে ভাৰতৰ মোবাইল আৰু অনানুষ্ঠানিক অৰ্থনীতিক কেনেকৈ প্ৰদান কৰিছে শক্তি