গুৱাহাটী: অসম চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি বন সংৰক্ষণ, বিনিয়োগ, ভূমি আবণ্টন আৰু নগৰ উন্নয়নলৈকে বিভিন্ন ক্ষেত্ৰত কেইবাটাও প্ৰস্তাৱত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে। কেবিনেটৰ অন্যতম গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি, ৮০ শতাংশতকৈ অধিক নম্বৰ লাভ কৰা মুঠ ১৭,৫২৬ গৰাকী শিক্ষাৰ্থীক স্কুটি প্ৰদানৰ অনুমোদন জনোৱা হৈছে। এই সিদ্ধান্তই মেধাৱী শিক্ষাৰ্থীসকলৰ মাজত উৎসাহ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। আনহাতে, ৰাজ্যত বন সংৰক্ষণৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত লোৱা হৈছে। বুঢ়া চাপৰি আৰু লামডিঙত নতুন সংৰক্ষিত বনাঞ্চল গঠনৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে। ইয়াৰ উপৰি নখুটি-নংতে অঞ্চলৰ ৫.৬ হেক্টৰ ভূমি সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। ৰাজ্যৰ ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰতো কেবিনেটে গুৰুত্ব প্ৰদান কৰিছে। তিনিচুকীয়া আৰু কাছাৰ জিলাত মুঠ ১৫২ কোটি টকাৰ দুটা বিনিয়োগ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে। এই বিনিয়োগে সংশ্লিষ্ট অঞ্চলসমূহত উদ্যোগিক বিকাশৰ লগতে কৰ্মসংস্থাপনৰ নতুন সম্ভাৱনা সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। ইফালে, জলপথ পৰিবহণৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণক টাৰ্মিনেল নিৰ্মাণৰ উদ্দেশ্যে ৬০ বিঘা ভূমি অৰ্পণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। শিক্ষা আৰু আৱাসিক আন্তঃগাঁথনিৰ ক্ষেত্ৰতো গ্ৰহণ কৰা হৈছে আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। দৰং জিলাৰ খাৰুপেটীয়াত বিদ্যালয়, হোষ্টেল আৰু আনুষংগিক আৱাস নিৰ্মাণৰ বাবে ৫০ বিঘা ভূমি আবণ্টন দিয়াৰ সিদ্ধান্ত লৈছে কেবিনেটে। ইয়াৰ উপৰি ৰাজ্যৰ নগৰ উন্নয়নৰ লক্ষ্যৰে দলগাঁও আৰু বৰহোলাত নতুনকৈ পৌৰসভা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কেবিনেটৰ এই সিদ্ধান্তসমূহে শিক্ষা, বন সংৰক্ষণ, উদ্যোগ, জলপথ পৰিবহণ আৰু নগৰ উন্নয়নৰ ক্ষেত্ৰত ৰাজ্যখনৰ উন্নয়নমূলক কাম-কাজক নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। Share this:FacebookX Related Post navigation জইছ-ই-মহম্মদৰ সৈতে সম্পৰ্কৰ অভিযোগ! গুজৰাট ATSৰ জালত শ্ৰীভূমিৰ ২২ বছৰীয়া যুৱক