ষ্টক ব্ৰকিং প্লেটফৰ্ম ধন-ৰ মূল কোম্পানী ৰেইজ ফাইনেন্সিয়েল চাৰ্ভিচেছে বৃহস্পতিবাৰে ভাৰতীয় ট্ৰেডাৰ আৰু বিনিয়োগকাৰীসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত এআইচালিত চাৰ্টিং প্লেটফৰ্ম ট্ৰেডিং চাৰ্টছ মুকলি কৰিছে।সম্পূৰ্ণৰূপে নিজাকৈ প্ৰস্তুত কৰা এই প্লেটফৰ্মটো ধনৰ নিজা ট্ৰেডিং ইঞ্জিন ডিইএক্সটি আৰু ৰেইজৰ এআই আন্তঃগাঁথনি, যাৰ ভিতৰত ইয়াৰ এআই কো-পাইলট ফাজ-ও অন্তৰ্ভুক্ত, তাৰ সৈতে সংযুক্ত কৰা হৈছে। সম্পূৰ্ণ বিনামূলীয়াকৈ উপলব্ধ ট্ৰেডিং চাৰ্টছত ২০তকৈও অধিক চাৰ্ট প্ৰকাৰ, ২০০ ইণ্ডিকেটৰ, ৮টা চাৰ্ট লেআউট আৰু ছেকেণ্ডৰ পৰা দিনলৈকে একাধিক টাইমফ্ৰেমৰ সুবিধা উপলব্ধ।এই প্লেটফৰ্মটোৱে এনছই, বিএছই আৰু এমচিএক্সৰ পৰা ৰিয়েল-টাইম, টিক-বাই-টিক বজাৰৰ তথ্য প্ৰবাহিত কৰে আৰু অৰ্ডাৰ ফ্ল’, ভলিউম প্ৰফাইল, ডেপথ অৱ মাৰ্কেট আৰু বাৰ ৰিপ্লে-কে ধৰি উন্নত বিশ্লেষণাত্মক সুবিধাসমূহ প্ৰদান কৰে। ইয়াৰ উপৰিও ই স্কাল্পাৰ আৰু পাৱাৰ স্কাল্পাৰৰ দৰে সঁজুলিৰ জৰিয়তে বিকল্প ট্ৰেডাৰসকলক ট্ৰেড কাৰ্যকৰী কৰাতো সহায় কৰে।ট্ৰেডাৰসকলে ফাজ এআই-ৰ জৰিয়তে সাধাৰণ ভাষাৰ প্ৰম্পট ব্যৱহাৰ কৰি কাষ্টম ইণ্ডিকেটৰ আৰু কৌশল সৃষ্টি কৰিব পাৰিব বা চাৰ্ট স্ক্ৰিপ্ট এডিটৰ ব্যৱহাৰ কৰি নিজা স্ক্ৰিপ্ট লিখিব পাৰিব। কোম্পানীটোৱে জনোৱা মতে প্লেটফৰ্মটোত ইতিমধ্যে ৫০,০০০তকৈও অধিক কাষ্টম ইণ্ডিকেটৰ সক্ৰিয় হৈ আছে।ধন হৈছে ট্ৰেডিং চাৰ্টছ সংযুক্ত কৰা প্ৰথমটো ব্ৰকাৰেজ আৰু ৰেইজে আন ব্ৰকাৰেজ তথা বজাৰৰ অংশগ্ৰহণকাৰীসকলৰ বাবেও এই সুবিধা সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা কৰিছে।ৰেইজৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া প্ৰবীন যাদৱে কয় যে, এই প্লেটফৰ্মটোৰ লক্ষ্য হৈছে কোনো অতিৰিক্ত ছাবস্ক্ৰিপচন মাচুল অবিহনে ভাৰতীয় ট্ৰেডাৰসকলক উন্নত চাৰ্টিং আৰু বজাৰ বিশ্লেষণৰ সঁজুলিসমূহ উপলব্ধ কৰোৱা।এই প্লেটফৰ্মটো ধন, অপচনছ ট্ৰেডাৰ, ডিইএক্সটি টি৩, স্কেনএক্স আৰু মিলিয়নছত উপলব্ধ। Share this:FacebookX Related Post navigation গড্ৰেজ জাৰ্ছিৰ অধ্যয়নত প্ৰকাশ: নগৰীয়া ভাৰতৰ বাবে গাখীৰ এতিয়াও আটাইতকৈ সুলভ দৈনন্দিন প্ৰ’টিনৰ উৎস