পশ্চিম বংগৰ বাহিৰলৈ সম্প্ৰসাৰণ ঘটাই চিষ্টাৰ নিবেদিতা বিশ্ববিদ্যালয়(এছএনইউ)-এ মেঘালয়ত এটা নতুন চৌহদ স্থাপন কৰিছে। উত্তৰ-পূৰ্বাঞ্চলত উচ্চ শিক্ষাৰ সুবিধা বৃদ্ধিৰ লক্ষ্যৰে স্থাপন কৰা এই ১৫ একৰৰ পাহাৰীয়া চৌহদটোত ২০২৭ চনৰ জুলাই মাহৰ পৰা পাঠদান আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। চৌহদটোত আৱাসিক সা-সুবিধাও থাকিব।যোৱা ২৪ নৱেম্বৰত কলকাতাত অনুষ্ঠিত ৰিপাব্লিক ছামিটত কেন্দ্ৰীয় শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী সুকান্ত মজুমদাৰৰ উপস্থিতিত বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা টেকন’ ইণ্ডিয়া গ্ৰুপৰ প্ৰতিষ্ঠাপক-পৰিচালন সঞ্চালক সত্যম ৰায়চৌধুৰীয়ে আনুষ্ঠানিকভাৱে এই ঘোষণা কৰে। ২৫ নৱেম্বৰত বিশ্ববিদ্যালয়ৰ কলকাতা চৌহদত এই সম্প্ৰসাৰণ উদযাপন কৰা হয়।উত্তৰ-পূবৰ যুৱক-যুৱতীসকলৰ শৈক্ষিক আকাংক্ষা পূৰণৰ লগতে পূব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মাজত শৈক্ষিক সম্পৰ্ক সুদৃঢ় কৰাই এছ এন ইউ মেঘালয়ৰ মূল লক্ষ্য। ইয়াৰ উপৰি নেপাল আৰু ভূটানকে ধৰি চুবুৰীয়া দেশৰ শিক্ষাৰ্থীসকলৰ বাবেও ইয়াত অধ্যয়নৰ সুযোগ সৃষ্টি হ’ব।বিশ্ববিদ্যালয় স্থাপনৰ বাবে প্ৰয়োজনীয় বিধেয়কখন দ্ৰুতগতিত গৃহীত কৰাত সহযোগিতা আগবঢ়োৱাৰ বাবে ৰায়চৌধুৰীয়ে মেঘালয় চৰকাৰ আৰু বিশেষকৈ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। প্ৰকল্পটো আগুৱাই নিয়াত এছএনইউ কলকাতাৰ তুলিকা চেটাৰ্জী, ড° মিনাল পাৰিক আৰু টেকন’ ইণ্ডিয়া গ্ৰুপৰ চিঅ’অ’ অভিজিৎ মুখাৰ্জীৰ অৱদানৰো শলাগ লয়। শিক্ষা খণ্ডত টেকন’ ইণ্ডিয়া গ্ৰুপৰ চাৰি দশকৰ যাত্ৰাত এই নতুন চৌহদটো এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। Share this:FacebookX Related Post navigation অসম চৰকাৰৰ কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত! ১৭,৫২৬ গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিব স্কুটি, নতুনকৈ গঠন হ’ব দুখন পৌৰসভা