মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে কৰা বিস্ফোৰক মন্তব্যই এতিয়া চৰম বিপাঙত পেলাইছে নিখিল ভাৰত কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাক। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ একাধিক বিদেশী পাছপ’ৰ্ট আৰু বিদেশত গোপন সম্পত্তি থকা বুলি কৰা মন্তব্যৰ পাছতেই আৰক্ষীৰ জালত পৰাৰ আশংকাত এইবাৰ তেওঁ কাষ চাপিছে উচ্চ ন্যায়ালয়ৰ। অসম আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে ৰজু কৰা এক ফৌজদাৰী গোচৰত গ্ৰেপ্তাৰৰ পৰা ৰক্ষা পাবলৈ সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত আগতীয়া জামিন আবেদন দাখিল কৰে কংগ্ৰেছ নেতা পৱন খেৰাই। আদালতৰ পঞ্জীয়কৰ ওচৰত ইতিমধ্যে এই আবেদন পঞ্জীয়ন হৈছে আৰু অতি শীঘ্ৰেই এক উপযুক্ত বিচাৰপীঠৰ সন্মুখত ইয়াৰ শুনানি হোৱাৰ সম্ভাৱনা আছে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা আৰু ভুৱা তথ্য দাঙি ধৰাৰ গুৰুতৰ অভিযোগ উঠিছিল খেৰাৰ বিৰুদ্ধে। ইয়াৰ পাছতেই মানহানি, জালিয়াতি তথা অপৰাধমূলক ষড়যন্ত্ৰৰ দৰে কেইবাটাও কঠোৰ ধাৰাত এই গোচৰ ৰজু কৰিছে আৰক্ষীয়ে। তদন্তৰ অংশ হিচাপে যোৱা ৭ এপ্ৰিলত অসম আৰক্ষীৰ এটা দল দিল্লীস্থিত খেৰাৰ বাসগৃহত উপস্থিত হৈছিল যদিও সেই সময়ত তেওঁ পলাতক অৱস্থাত আছিল। আৰক্ষীৰ এই তৎপৰতাৰ পাছতে কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰথমতে তেলেংগানা উচ্চ ন্যায়ালয়ৰ পৰা ট্ৰেনজিট আগতীয়া জামিন লাভ কৰিবলৈ সক্ষম হয়।

যোৱা ১০ এপ্ৰিলত আদালতৰ নিৰ্দেশেৰে তেওঁক এসপ্তাহৰ বাবে অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান কৰি অসমৰ আদালতৰ কাষ চাপিবলৈ সময় দিয়ে। কিন্তু পৰৱৰ্তী সময়ত অসম চৰকাৰে এই ৰায়ৰ বিৰুদ্ধে দেশৰ উচ্চতম ন্যায়ালয়ত আপীল কৰাত ১৫ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে তেলেংগানা উচ্চ ন্যায়ালয়ৰ সেই নিৰ্দেশত স্থগিতাদেশ জাৰি কৰে। উচ্চতম ন্যায়ালয়ে অন্তৱৰ্তীকালীন সকাহৰ ম্যাদ বৃদ্ধি কৰিবলৈ অস্বীকাৰ কৰাৰ পাছতে পৱন খেৰাৰ ওপৰত গ্ৰেপ্তাৰৰ ওলমি থকা তৰোৱালখন এতিয়া অধিক তীক্ষ্ণ হৈ পৰিছে।

দেশৰ শীৰ্ষ আদালতে তেওঁক উপযুক্ত আইনী সকাহৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়লৈ যাবলৈ নিৰ্দেশ দিছিল। এই নিৰ্দেশৰ পৰিপ্ৰেক্ষিততে তেওঁ গুৱাহাটীত এই নতুন আবেদন দাখিল কৰিছে। মুখ্যমন্ত্ৰীৰ পৰিয়ালক লক্ষ্য কৰি লোৱা এই আক্ৰমণাত্মক ৰাজনীতিয়ে এতিয়া কংগ্ৰেছ নেতাগৰাকীক এক জটিল আইনী মেৰপেচত আৱদ্ধ কৰিছে বুলি সচেতন মহলে মত পোষণ কৰে। পৱন খেৰাৰ এই আবেদনৰ ওপৰত এতিয়া উচ্চ ন্যায়ালয়ে কি স্থিতি গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *