বিগত প্ৰায় এমাহ ধৰি নতুন দিল্লীৰ যন্তৰ মন্তৰত চলি অহা প্ৰতিবাদৰ অন্তত অৱশেষত আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে মোদী চৰকাৰে। শিক্ষা ব্যৱস্থাত সংস্কাৰ আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে সাব্যস্ত কৰি অহা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত আজি ৰূপায়ণ কৰা হয় সংসদ চলো পদযাত্ৰা। ককৰোচ জনতা পাৰ্টিৰ নেতৃত্বত এই পদযাত্ৰা বাহিৰ হোৱাৰ পিছতে কেন্দ্ৰীয় চৰকাৰে আলোচনাৰ বাবে নেতৃত্বক আমন্ত্ৰণ জনায়। ইয়াৰ পিছতে বিগত ২১ দিন ধৰি গ্ৰহণ কৰি অহা অনশন ধৰ্মঘটৰ আজি অৱসান ঘটায় ছাত্ৰ সংগঠন আইছাৰ ৩ নেতাই।

সোমবাৰে যন্তৰ মন্তৰত বিৰোধী সাংসদ আৰু নাগৰিক সমাজৰ প্ৰতিনিধিৰ উপস্থিতিত পানী গ্ৰহণ কৰি অনশন ভংগ কৰে অনশনকাৰী নেতাসকলে।

উল্লেখ্য যে, সৰ্বভাৰতীয় ছাত্ৰ সন্থাই ৰাজহুৱা পৰীক্ষাত অনিয়মৰ অভিযোগৰ তদন্ত, জবাবদিহিতা নিশ্চিত কৰা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত ব্যাপক সংস্কাৰৰ দাবীত দেশজুৰি চলি থকা প্ৰতিবাদৰ সমৰ্থনত এই অনশন কাৰ্যসূচী গ্ৰহণ কৰিছিল।

অনশন ভংগৰ সময়ত উপস্থিত থকা প্ৰতিনিধি দলটোত আছিল বিশিষ্ট অভিনেত্ৰী শাবানা আজমী, ৰাষ্ট্ৰীয় জনতা দলৰ ৰাজ্যসভাৰ সাংসদ মনোজ ঝা, অভিনেতা প্ৰকাশ ৰাজ, সমাজকৰ্মী যোগেন্দ্ৰ যাদৱ, জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণ আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ সাংসদ অমৰ ৰাম।

প্ৰতিনিধি দলটোৱে ছাত্ৰ নেতাসকলৰ আন্দোলনৰ প্ৰতি থকা দায়বদ্ধতাৰ প্ৰশংসা কৰে। লগতে জনসমৰ্থন সংগ্ৰহ আৰু ৰাজনৈতিক হস্তক্ষেপৰ জৰিয়তে দাবীসমূহ আগুৱাই নিবলৈ আহ্বান জনায়।

মনোজ ঝাই ছাত্ৰ নেতাসকলক উদ্দেশ্যি কয় যে সংসদৰ বৰ্ষাকালীন অধিৱেশনত পৰীক্ষা ব্যৱস্থাৰ জবাবদিহিতা আৰু শিক্ষা সংস্কাৰৰ বিষয়সমূহ বিৰোধী দলসমূহে উত্থাপন কৰিব।

আলোচনাৰ পিছত আইছাৰ নেতাসকলে অনশন সমাপ্ত কৰাৰ সিদ্ধান্ত ঘোষণা কৰে। অৱশ্যে ছাত্ৰ অধিকাৰ আৰু শিক্ষা সংস্কাৰৰ দাবীত দেশজুৰি প্ৰতিবাদ আৰু সংসদীয় হস্তক্ষেপৰ জৰিয়তে আন্দোলন অব্যাহত ৰখাৰ কথা সদৰী কৰে তেওঁলোকে।

Leave a Reply

Your email address will not be published. Required fields are marked *