ৰাজ্যত অব্যাহত থকা জুৱাৰ অবৈধ বেহাৰ মাজতে এইবাৰ ধুবুৰীত অনলাইন জুৱাৰ বেহা চলাই জালত পৰিল চাৰি জুৱাৰী। ধুবুৰী চহৰৰ এখন হোটেলত চলি থকা আন্তঃৰাষ্ট্ৰীয় অনলাইন জুৱা আৰু অনলাইন খেলৰ চক্ৰ উৎখাত কৰি অভিযুক্ত চাৰিজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে সোমবাৰে পুৱা প্ৰায় ১১.১৫ বজাত এন এছ পথস্থিত আফ্ৰিন হোটেলৰ ৫৭ নম্বৰ কোঠাত অভিযান চলায়। অভিযানৰ সময়ত অনলাইন জুৱাৰ জাল চলাই থকা অৱস্থাতেই অভিযুক্তসকলক হাতে-লোটে ধৰা পেলায় আৰক্ষীয়ে। গ্ৰেপ্তাৰ হোৱা লোককেইজন হৈছে ধুবুৰীৰ সংৰক্ষিত চৰৰ কালাপাকানী দ্বিতীয় খণ্ডৰ হাৰাণ আলী, দক্ষিণ শালমাৰাৰ বালুঘাট-ফুলবাৰী দলঙৰ সমীপৰ আব্দুল মতিন, কালাপাকানী দ্বিতীয় খণ্ডৰ হোচেন আলী আৰু ওচমান গনী। অভিযানৰ সময়ত অভিযুক্তসকলৰ পৰা ছটা মোবাইল ফোন জব্দ কৰা হয়। আৰক্ষীৰ তথ্য অনুসৰি, এই মোবাইল ফোনসমূহৰ প্ৰাৰম্ভিক ডিজিটেল পৰীক্ষাত অনলাইন জুৱাৰ সৈতে জড়িত বৃহৎ পৰিমাণৰ অবৈধ আৰ্থিক লেনদেনৰ তথ্য উদ্ধাৰ হৈছে। ধুবুৰী সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰীতম দাসে সদৰী কৰা মতে, জব্দ কৰা মোবাইল সমূহত সংৰক্ষিত তথ্যত আমেৰিকান ডলাৰকে ধৰি বিদেশী মুদ্ৰাত লেনদেনৰ তথ্য পোৱা গৈছে। এই তথ্যই আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্কৰ সৈতে এই চক্ৰটোৰ সম্ভাৱ্য সংযোগৰ ইংগিত দিছে বুলিও তেওঁ উল্লেখ কৰে। আৰক্ষীয়ে চাৰিওজন অভিযুক্তকে জিম্মাত লৈ আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই চক্ৰটোৰ সৈতে জড়িত আন লোক আৰু বিস্তৃত নেটৱৰ্কৰ সন্ধানত তদন্ত অব্যাহত আছে। Share this:FacebookX Related Post navigation চৰকাৰৰ সৈতে আলোচনাৰ পথ মুকলি; ২১ দিনৰ অন্তত অনশন ভংগ আইছাৰ তিনি নেতাৰ