ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰী ৰূপ। বিশেষকৈ উজনি অসমত ধাৰাসাৰ বৰষুণ আৰু নদ-নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত কেইবাখনো জিলাৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে। বিস্তীৰ্ণ অঞ্চলত আবদ্ধ হৈ পৰিছে হাজাৰ হাজাৰ লোক। এনে পৰিপ্ৰেক্ষিতত বানাক্ৰান্ত লোকসকলক উদ্ধাৰৰ বাবে ‘জল ৰাহত’ অভিযান আৰম্ভ কৰিছে ভাৰতীয় সেনাই। এই অভিযানৰ জৰিয়তে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ পৰা ইতিমধ্যে ২০০ৰো অধিক লোকক সুৰক্ষিত স্থানলৈ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে সেনাবাহিনীয়ে।

তেজপুৰস্থিত প্ৰতিৰক্ষা জনসংযোগ বিষয়াই সদৰী কৰা মতে, অসামৰিক প্ৰশাসনৰ অনুৰোধৰ ভিত্তিত ২০ জুলাইত স্পিয়াৰ ক’ৰ্পছৰ অধীনস্থ ৰেড শ্বিল্ড ডিভিজনৰ চাৰিটা বান উদ্ধাৰ দল এই তিনিখন জিলাত নিয়োজিত কৰা হয়।

শিৱসাগৰ জিলাৰ নাজিৰা আৰু আমগুৰি, চৰাইদেউ জিলাৰ সোণাৰি আৰু যোৰহাট জিলাৰ বিভিন্ন অঞ্চলত উদ্ধাৰ, স্থানান্তৰ আৰু সাহায্য অভিযান চলাই আছে এই দলসমূহে। স্পিয়াৰ ক’ৰ্পছৰ আন সেনা গোটসমূহেও অভিযানত সহযোগিতা আগবঢ়াইছে।

উদ্ধাৰ নাও, চিকিৎসক দল, অভিযান্ত্ৰিক সঁজুলি আৰু সাহায্য সামগ্ৰীৰে সজ্জিত সেনা জোৱানসকলে প্লাৱিত অঞ্চলৰ পৰা বহু পৰিয়ালক সুৰক্ষিত স্থানলৈ উলিয়াই আনিছে। জৰুৰী চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে প্ৰয়োজনীয় সাহায্য সামগ্ৰীও বিতৰণ কৰিছে সেনাই।

প্ৰতিৰক্ষা জনসংযোগ বিষয়াই সদৰী কৰা মতে, বান পৰিস্থিতিৰ সামগ্ৰিক মূল্যায়নৰ বাবে হেলিকপ্টাৰ আৰু ড্ৰ’নৰ সহায়ত আকাশমাৰ্গেৰে নিৰীক্ষণ চলাই থকা হৈছে।

শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলা প্ৰশাসন, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু আন অসামৰিক সংস্থাৰ সৈতে সমন্বয় ৰাখি এই অভিযান চলাই থকা হৈছে। পৰিস্থিতিৰ প্ৰয়োজন অনুসৰি অতিৰিক্ত সেনা আৰু সঁজুলিও সাজু কৰি ৰখা হৈছে বুলি প্ৰতিৰক্ষা জনসংযোগ বিষয়াই সদৰী কৰে।

ইফালে, কেন্দ্ৰীয় জল আয়োগে জানিবলৈ দিয়া মতে, চৰাইদেউ জিলাৰ দিচাংপানীত দিচাং নদীয়ে পূৰ্বৰ সৰ্বোচ্চ বানস্তৰ অতিক্ৰম কৰিছে। দিখৌ, বুঢ়ীদিহিং, ব্ৰহ্মপুত্ৰ আৰু দক্ষিণ ধনশিৰি নদীও বিপদসীমাৰ ওপৰেৰে বৈ আছে অথবা তীব্ৰ বান পৰিস্থিতিৰ সৃষ্টি কৰিছে।

বৰ্তমানৰ বানত ৩০টা ৰাজহ চক্ৰৰ অন্তৰ্গত ৫৮০খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়েও উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *