উজনি অসমৰ বিস্তীৰ্ণ অঞ্চলত অব্যাহত বান পৰিস্থিতিয়ে কঢ়িয়াই আনিলে আন এক শোকাৱহ ঘটনা। চৰাইদেউ জিলাত বানপানীৰ প্ৰবল সোঁতত উটি গৈ সন্ধানহীন হৈ পৰিছে একেটা পৰিয়ালৰ চাৰিজন সদস্য। ঘটনাৰ পিছত সময়মতে উদ্ধাৰ অভিযান আৰম্ভ নোহোৱাৰ অভিযোগ উত্থাপন কৰি ক্ষোভ প্ৰকাশ কৰে স্থানীয় বাসিন্দাই। দেওবাৰে সন্ধিয়া টেঙাপুখুৰী আৰক্ষী থানাৰ অন্তৰ্গত অভয়পুৰীয়া গাঁৱত এই ঘটনা সংঘটিত হয়। ধাৰাসাৰ বৰষুণৰ ফলত হঠাতে পানীৰ স্তৰ বৃদ্ধি পোৱাৰ পিছত ৰোহিনী দুৱাৰাৰ পৰিয়ালটোৱে সুৰক্ষিত স্থানলৈ যাবলৈ চেষ্টা কৰে। সেই সময়তে পত্নী টুটুমণি দুৱাৰা আৰু কন্যা বিদিশা দুৱাৰাক উটুৱাই নিয়ে বানপানীৰ প্ৰবল সোঁতে। তেওঁলোকৰ আৰ্তনাদ শুনি উদ্ধাৰৰ উদ্দেশ্যে পানীত জাঁপ দিয়ে দুই পুত্ৰ বিদ্যুৎ দুৱাৰা আৰু বিপ্লৱ দুৱাৰাই। কিন্তু প্ৰবল সোঁতৰ মাজত দুয়োও সন্ধানহীন হৈ পৰাত মুহূৰ্তৰ ভিতৰতে পৰিয়ালটোৰ চাৰিজন সদস্য নিৰুদ্দেশ হয়। ঘটনাৰ লগে লগে জৰুৰী সহায় নম্বৰত যোগাযোগ কৰে পৰিয়ালৰ লোকে। পিছত চৰাইদেউৰ উপায়ুক্ত ডাঃ নেহা যাদৱৰ সৈতেও যোগাযোগ কৰা হয়। কিন্তু স্থানীয় বাসিন্দাসকলৰ অভিযোগ অনুসৰি, সোমবাৰে দুপৰীয়া প্ৰায় ১ বজালৈকে ঘটনাস্থলীত উপস্থিত নহ’ল কোনো উদ্ধাৰকাৰী দল বা আৰক্ষী। এই বিলম্বক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে অতি শীঘ্ৰে সন্ধান আৰু উদ্ধাৰ অভিযান জোৰদাৰ কৰাৰ দাবী জনায় গাঁওবাসীয়ে। শেহতীয়া তথ্য অনুসৰি, সন্ধানহীন চাৰিওজনৰ এতিয়াও কোনো সন্ধান লাভ কৰা হোৱা নাই। অঞ্চলটোত পানীৰ স্তৰ উচ্চ হৈ থকাত উদ্ধাৰ অভিযানত অধিক জটিলতাৰ সৃষ্টি হৈছে। Share this:FacebookX Related Post navigation উজনি অসমৰ বানাক্ৰান্ত অঞ্চলত সেনাৰ ‘জল ৰাহত’ অভিযান; ২০০ৰো অধিক লোকক উদ্ধাৰ এনআৰচিৰ পৰা বাদ পৰা লোকৰ আপীল প্ৰক্ৰিয়া কেতিয়া? কেন্দ্ৰ-অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী