বহু বছৰৰ আগতে সেনাবাহিনীৰ পোছাক পৰিধান কৰাৰ সপোন দেখিছিল এজন ছাত্ৰই। পৰিস্থিতিৰ বাবে সেই সপোন পূৰণ নহ’লেও শেষত কন্যাৰ সফলতাৰ মাজেৰে বাস্তৱ ৰূপ লাভ কৰিলে সেই আশাই। ভাৰতীয় বায়ুসেনাৰ ফ্লায়িং অফিচাৰ হিচাপে নিযুক্তি লাভ কৰি পিতৃৰ অপূৰণীয় সপোন পূৰণ কৰিলে নিধি আগৰৱালে।

শেহতীয়াকৈ হায়দৰাবাদৰ দুণ্ডিগালস্থিত বায়ুসেনা একাডেমীত অনুষ্ঠিত সংযুক্ত স্নাতক সমাৰোহত ফ্লায়িং অফিচাৰ হিচাপে নিযুক্তি লাভ কৰে নিধিয়ে। এই উপলক্ষে তেওঁৰ পিতৃ সুধীৰ কুমাৰ আগৰৱালে প্ৰকাশ কৰা অনুভূতি আৰু নিধিৰ ব্যতিক্ৰমী সফলতাই দেশজুৰি দৃষ্টি আকৰ্ষণ কৰিছে।

সুধীৰ কুমাৰ আগৰৱালে কয় যে ছাত্ৰজীৱনত তেওঁ ভাৰতীয় সশস্ত্ৰ বাহিনীত যোগদান কৰাৰ সপোন দেখিছিল। যদিও সেই লক্ষ্যত উপনীত হ’ব নোৱাৰিলে, দুয়োগৰাকী কন্যাক শৃংখলা, অধ্যৱসায় আৰু দেশসেৱাৰ মূল্যবোধেৰে ডাঙৰ-দীঘল কৰে।

জ্যেষ্ঠ কন্যা কোমল আগৰৱালে ৰাষ্ট্ৰীয় কেডেট ক’ৰ্পছত বিভিন্ন পৰ্যায়ত কৃতিত্ব দেখুৱাইছে। আনহাতে কনিষ্ঠা নিধিয়ে সংযুক্ত প্ৰতিৰক্ষা সেৱা পৰীক্ষা উত্তীৰ্ণ হৈ ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বিষয়া পদত যোগদানৰ পথ বাছি লয়।

নিধিৰ সফলতাৰ আটাইতকৈ উল্লেখযোগ্য দিশটো হৈছে তিনিওটা সেনা শাখাৰ বাবে মেধাৰ ভিত্তিত নিৰ্বাচিত হোৱাৰ কৃতিত্ব। উপলব্ধ তথ্য অনুসৰি, ভাৰতীয় সেনাবাহিনীৰ বাবে সৰ্বভাৰতীয় ২৮ সংখ্যক স্থান, নৌসেনাৰ বাবে ৯ সংখ্যক স্থান আৰু ভাৰতীয় বায়ুসেনাৰ বাবে ৬ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে নিধি আগৰৱালে।

পিছত তেওঁ ভাৰতীয় বায়ুসেনাত যোগদানৰ সিদ্ধান্ত গ্ৰহণ কৰে। লিখিত পৰীক্ষা, এছএছবি সাক্ষাৎকাৰ, চিকিৎসা পৰীক্ষা আৰু মেধা মূল্যায়নকে ধৰি একাধিক কঠিন পৰ্যায় অতিক্ৰম কৰি এই সাফল্য অৰ্জন কৰে নিধিয়ে।

উল্লেখ্য যে, দুণ্ডিগালত অনুষ্ঠিত সংযুক্ত স্নাতক সমাৰোহত মুঠ ২৩১ গৰাকী ফ্লাইট কেডেটক নিযুক্তি প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত ৩৭ গৰাকী মহিলা বিষয়াও অন্তৰ্ভুক্ত আছিল। এই সমাৰোহতে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ পৰা অহা মহিলা কেডেটসকলেও স্থায়ী নিযুক্তি লাভ কৰে।

সমাৰোহত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি নিধিৰ পিতৃ সুধীৰ কুমাৰ আগৰৱালে কয় যে তেওঁৰ কন্যাই কেৱল পৰিয়ালৰেই নহয়, সমাজ আৰু দেশৰো গৌৰৱ বৃদ্ধি কৰিছে। দুয়োগৰাকী কন্যাৰ লক্ষ্য পূৰণৰ ক্ষেত্ৰত পৰিয়ালৰ সকলো সদস্যই সমানে সহায়-সহযোগিতা আগবঢ়োৱাৰ কথাও উল্লেখ কৰে তেওঁ।

নিধি আগৰৱালৰ এই সফলতাই দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰত আগ্ৰহী বহু যুৱ-যুৱতীক অনুপ্ৰাণিত কৰিছে। বিশেষকৈ মহিলা প্ৰাৰ্থীসকলৰ বাবে তেওঁৰ যাত্ৰা অধ্যৱসায়, কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসৰ এক উজ্জ্বল উদাহৰণ হিচাপে পৰিগণিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *