পৰীক্ষাক কেন্দ্ৰ কৰি ভুৱা প্ৰশ্নকাকত, বিভ্ৰান্তিকৰ তথ্য আৰু প্ৰশ্ন ফাদিলৰ গুজৱ প্ৰচাৰে উদ্বেগ বৃদ্ধি কৰাৰ মাজতে এইবাৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ২১ জুনত অনুষ্ঠিত হ’বলগীয়া নীট-ইউজি ২০২৬ৰ পুনঃপৰীক্ষাৰ পূৰ্বে ২২ জুনলৈকে দেশজুৰি টেলিগ্ৰামৰ প্ৰৱেশাধিকাৰ সাময়িকভাৱে বন্ধ কৰি দিছে কেন্দ্ৰই। জানিব পৰা মতে, ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ পৰামৰ্শৰ ভিত্তিত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পুনঃপৰীক্ষাক লৈ সামাজিক মাধ্যমত ভুৱা প্ৰশ্নকাকত আৰু প্ৰশ্ন ফাদিলৰ দাবী ব্যাপকভাৱে বিয়পি পৰাৰ অভিযোগ উত্থাপিত হৈছিল। চৰকাৰৰ মতে, পৰীক্ষাৰ স্বচ্ছতা আৰু বিশ্বাসযোগ্যতা অক্ষুণ্ণ ৰাখিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰিও, ৩০ জুনলৈকে টেলিগ্ৰামৰ বাৰ্তা সম্পাদনা সুবিধাও নিষ্ক্ৰিয় কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি জানিব পৰা গৈছে। এই সুবিধাৰ অপব্যৱহাৰ কৰি পৰীক্ষাৰ পিছত ভুৱা “প্ৰশ্ন ফাদিলৰ প্ৰমাণ” সৃষ্টি কৰাৰ অভিযোগ উত্থাপিত হৈছিল। উল্লেখ্য যে, নীট-ইউজি ২০২৬ পৰীক্ষাক কেন্দ্ৰ কৰি ইতিমধ্যে একাধিক টেলিগ্ৰাম চেনেলত প্ৰশ্নকাকত বিক্ৰীৰ দাবী, ভুৱা প্ৰশ্নৰ বাৰ্তা আৰু বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ হোৱা বুলি অভিযোগ উত্থাপিত হৈছিল। এই ঘটনাসমূহৰ তদন্তৰ বাবেও চাইবাৰ অপৰাধ শাখাৰ সহায় লোৱা হৈছিল। ইফালে, ২১ জুনৰ পুনঃপৰীক্ষাৰ পূৰ্বে নীট ব্যৱস্থাপনাক অধিক সুৰক্ষিত আৰু স্বচ্ছ কৰি তুলিবলৈ একাধিক নতুন ব্যৱস্থা গ্ৰহণ কৰিছে এনটিএয়ে। ভুৱা প্ৰশ্ন ফাদিলৰ দাবী আৰু ছদ্মবেশী প্ৰাৰ্থীৰ তথ্য জনাবলৈ বিশেষ প’ৰ্টেলো মুকলি কৰা হৈছে। চৰকাৰৰ এই পদক্ষেপক পৰীক্ষাৰ সুৰক্ষা নিশ্চিত কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে দেখা হৈছে যদিও, দেশৰ অন্যতম জনপ্ৰিয় বাৰ্তা বিনিময় মঞ্চটোৰ ওপৰত সাময়িক নিষেধাজ্ঞা জাৰিয়ে ব্যাপক আলোচনা সৃষ্টি কৰিছে। Share this:FacebookX Related Post navigation পিতৃৰ অপূৰণীয় সপোন পূৰণ কন্যাৰ; তিনিওটা সেনাবাহিনীৰ মেধাতালিকাত উজ্বলিল নিধি আগৰৱাল শান্তিপূৰ্ণ প্ৰতিবাদৰ সময়তে আক্ৰমণৰ বলি অভিজিত দীপকে! অভিযুক্তই ক’লে- ‘মই ৰাষ্ট্ৰবাদী…’