প্ৰায় ন বছৰৰ পুৰণি এক গণধৰ্ষণ আৰু এছিড আক্ৰমণৰ চাঞ্চল্যকৰ গোচৰত দোষী সাব্যস্ত হ’ল বিএছএফৰ দুই জোৱান। ২০১৭ চনত সংঘটিত মিজোৰামত সংঘটিত এই ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰি শুকুৰবাৰে ৰায়দান কৰে মামিত জিলাৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ ছিলভি জেড ৰাল্টেই।

দোষী সাব্যস্ত হোৱা দুয়োজন হৈছে নীলাঞ্জন দাস আৰু দিনেশ কুমাৰ। গোচৰটোৰ শাস্তিৰ পৰিমাণ মঙলবাৰে ঘোষণা কৰিব আদালতে।

আদালতত উপস্থাপন কৰা তথ্য অনুসৰি, ২০১৭ চনৰ ১৬ জুলাইত ভুক্তভোগী মহিলা আৰু তেওঁৰ এগৰাকী বান্ধৱী মামিত জিলাৰ ছিলছুৰি পশ্চিম সীমান্ত চকীৰ সমীপৰ গাছকাটা নামৰ এটা জলপ্ৰপাতৰ ওচৰলৈ গৈছিল। সেই সময়তে বিএছএফৰ জোৱান দুজনে তেওঁলোকক বাধা দিয়ে।

প্ৰাথমিক তথ্য অনুসৰি, ভুক্তভোগীগৰাকীৰ বান্ধৱী অলপ সময়ৰ বাবে আঁতৰি যোৱাৰ সুযোগত নীলাঞ্জন দাস আৰু দিনেশ কুমাৰে মহিলাগৰাকীক গণধৰ্ষণ কৰে। ইয়াৰ পিছতে তেওঁৰ মুখত এছিড ঢালি দিয়াৰ ফলত গুৰুতৰভাৱে দগ্ধ হয় মহিলাগৰাকী। এই আক্ৰমণত তেওঁ সাময়িকভাৱে দৃষ্টিশক্তিও হেৰুৱায় পেলাবলগীয়া হয়।

পিছত স্থানীয় লোকে মহিলাগৰাকীক উদ্ধাৰ কৰি পৰিয়ালক খবৰ দিয়ে। ভুক্তভোগীগৰাকীৰ ভাতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত ১৭ জুলাইত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। চিকিৎসকৰ প্ৰতিবেদনতো যৌন নিৰ্যাতন আৰু এছিড আক্ৰমণৰ প্ৰমাণ পোৱা যায়।

ঘটনাৰ পিছত ভুক্তভোগীগৰাকীক প্ৰথমে স্থানীয় স্বাস্থ্য কেন্দ্ৰত আৰু পিছত আইজল অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰা হয়।

ইফালে, ঘটনাৰ সময়ত মহিলাগৰাকীৰ সৈতে থকা বান্ধৱীগৰাকীৰ মৃতদেহো পিছত ঘটনাস্থলীৰ সমীপত উদ্ধাৰ কৰা হয়। মৃতদেহত এছিডে দগ্ধ কৰাৰ চিন পোৱা যায়। এই ঘটনাক কেন্দ্ৰ কৰি পৃথক আইনী প্ৰক্ৰিয়াও আৰম্ভ কৰা হয়।

তদন্তকালত আৰক্ষীয়ে ১৮১ নং বিএছএফ বেটেলিয়নৰ শিবিৰত কৰ্মৰত দুই জোৱানৰ সন্ধান লাভ কৰে। ডিউটি ৰোষ্টাৰ পৰীক্ষা কৰি তদন্তকাৰীয়ে জানিব পাৰে যে ঘটনাৰ দিনা দুয়োজন জোৱান খাদ্য যোগান-সংক্ৰান্ত দায়িত্বত নিয়োজিত আছিল।

২০১৭ চনৰ ৫ ছেপ্টেম্বৰত অনুষ্ঠিত চিনাক্তকৰণ পৰ্বত ভুক্তভোগীগৰাকীয়ে নীলাঞ্জন দাস আৰু দিনেশ কুমাৰক আক্ৰমণকাৰী হিচাপে চিনাক্ত কৰে।

এই ঘটনাৰ সুদীৰ্ঘ ৯ বছৰত পাছত ১৮ গৰাকী সাক্ষী, চিকিৎসক আৰু ফৰেনছিক বিশেষজ্ঞৰ সাক্ষ্য-প্ৰমাণৰ ভিত্তিত আদালতে দোষী সাব্যস্ত কৰে অভিযুক্ত বিএছএফ জোৱান দুজনক। মন কৰিবলগীয়া যে, মিজোৰামত এছিড আক্ৰমণ-সংক্ৰান্ত গোচৰত এয়া হৈছে প্ৰথম দোষী সাব্যস্তকৰণ। দীৰ্ঘদিন ধৰি আলোচিত হৈ থকা গোচৰটোৰ ৰায়ে ৰাজ্যখনত এনে অপৰাধৰ বিৰুদ্ধে আইনী ব্যৱস্থা অধিক শক্তিশালী হোৱাৰ ইংগিত বহন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *