মই মৰিলে মোক ব্ৰহ্মপুত্ৰত উটুৱাই দিবি।’ জুবিন গাৰ্গৰ এই কথা ৰাখি মহাবাহু ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়া হ’ল জুবিনৰ চিতাভস্ম। ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে বুধবাৰে জুবিনৰ চিতাভষ্ম ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হয় । ব্ৰহ্মপুত্ৰত জুবিন গাৰ্গৰ অস্থি বিসৰ্জন দি চকুলো টুকিছে পত্নী গৰিমা শইকীয়া গাৰ্গে। গুৱাহাটী মহানগৰীৰ লাচিত ঘাটত নাৱেৰে ব্ৰহ্মপুত্ৰৰ বক্ষত চিতাভস্ম বিসৰ্জন দিয়ে । ভগ্নী পমী বৰঠাকুৰৰ লগতে জুবলী বৰুৱা , পাৰ্থসাৰথি মহন্ত , জুবিনৰ বাদ্যযন্ত্ৰীৰ লগতে আত্মীয় সকল উপস্হিত থাকে। Share this:FacebookX Related Post navigation জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত ৫ অভিযুক্তৰ ন্যায়িক জিম্মা বৃদ্ধি “ৰৈ ৰৈ বিনালে”ক কৰমুক্ত ঘোষণা কৰিবলৈ অসম চৰকাৰক আহ্বান গৌৰৱ গগৈৰ