দুদিনৰ বাবে সাধাৰণ জনতাৰ বাবে মুকলি কৰা হ’ব লোক ভৱনৰ দুৱাৰ। ৮০সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি অহা ১৫ আৰু ১৬ আগষ্টত জনতাৰ বাবে খুলি দিয়া হ’ব মেঘালয়ৰ শতিকা গৰকা ঐতিহ্যবাহী লোক ভৱনৰ দুৱাৰ। দেশৰ বিভিন্ন প্ৰান্তৰ সাংস্কৃতিক বৈচিত্ৰ্যৰ লগতে পৰম্পৰাগত সামগ্ৰী, পাণ্ডুলিপি আৰু কৃষি-উদ্যানশস্যৰ প্ৰদৰ্শনীও দাঙি ধৰা হ’ব এই দুদিনীয়া আয়োজনত। ১৫ আগষ্টত দুপৰীয়া ১.৩০ বজাৰ পৰা নিশা ৮ বজালৈ আৰু ১৬ আগষ্টত পুৱা ১১ বজাৰ পৰা নিশা ৮ বজালৈ লোকভৱনত প্ৰৱেশৰ সুযোগ থাকিব। দুয়োদিনেই দৰ্শনাৰ্থীৰ বাবে প্ৰৱেশ বিনামূলীয়া হ’ব। আয়োজনত ৰাজস্থানৰ ভাৱাই আৰু কালবেলিয়া নৃত্যৰ লগতে জম্মু-কাশ্মীৰৰ ডোগৰি, কাশ্মীৰী, গোজৰি আৰু পাহাৰী সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হ’ব। কৰ্ণাটকৰ ভাৰতনাট্যমৰ লগতে মাণ্ডিয়াৰ কৰ্ণাটক সংঘৰ শিল্পীদলেও অংশ ল’ব। মেঘালয়ৰ খাছি, জয়ন্তীয়া আৰু গাৰো জনগোষ্ঠীৰ পৰম্পৰাগত সংস্কৃতিও দাঙি ধৰা হ’ব অনুষ্ঠানত। ইয়াৰ সমান্তৰালভাৱে অসম ৰেজিমেণ্টেল চেণ্টাৰৰ সামৰিক বাদ্যদলে পৰিৱেশন কৰিব বিশেষ অনুষ্ঠান। সাংস্কৃতিক কাৰ্যসূচীৰ উপৰি কৃষি, পুষ্পকৃষি আৰু উদ্যানশস্যক লৈ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। পৰম্পৰাগত সামগ্ৰী আৰু পাণ্ডুলিপিৰ প্ৰদৰ্শনীৰ লগতে দৰ্শনাৰ্থীৰ বাবে স্থানীয় খাদ্য আৰু অন্যান্য জনপ্ৰিয় খাদ্যৰ বিপণীও থাকিব। উল্লেখ্য যে, মেঘালয়ৰ লোকভৱনৰ ইতিহাস ১৫০ বছৰতকৈও অধিক পুৰণি। ১৮৭৪ চনত অসমক পৃথক ব্ৰিটিছ প্ৰাদেশিক প্ৰশাসন হিচাপে গঠন কৰাৰ সময়ৰ পৰাই শ্বিলঙৰ এই ঐতিহ্যবাহী ভৱনৰ ইতিহাসৰ আৰম্ভণি ঘটিছিল। ১৮৯৭ চনৰ বিধ্বংসী শ্বিলং ভূমিকম্পৰ ফলত পূৰ্বৰ ভৱনটো ধ্বংস হোৱাৰ পিছত বৰ্তমানৰ ভৱনটোৰ নিৰ্মাণ কৰা হয়। পৰৱৰ্তী সময়ত এই ভৱন মেঘালয়ৰ ৰাজ্যপালৰ চৰকাৰী বাসভৱন হিচাপে পৰিচিত হৈ উঠে। ৭০ বছৰতকৈও অধিক সময় ‘ৰাজভৱন’ নামেৰে পৰিচিত হৈ থকা ভৱনটোৰ নাম ২০২৫ চনৰ ২ ডিচেম্বৰত ‘লোকভৱন’লৈ সলনি কৰা হয়। Share this:FacebookX Related Post navigation মধ্য আকাশত বিকল ইণ্ডিগ’ বিমানৰ ইঞ্জিন! ২২৪ যাত্ৰীসহ চেন্নাইত জৰুৰী অৱতৰণ যাদুৰ দেশ মায়ংৰ আঁৰত প্ৰাচীন সভ্যতা: নতুন আৱিষ্কাৰে দাঙি ধৰিলে ঐতিহ্য