আকৌ মধ্য আকাশত বিমানত হাহাকাৰ! ইণ্ডিগ’ৰ যাত্ৰীবাহী বিমানৰ ইঞ্জিন বিকল হোৱাৰ পিছতে হাহাকাৰৰ সৃষ্টি হয় যাত্ৰীৰ মাজত। অৱশ্যে পাইলটৰ তৎপৰতাত চেন্নাই বিমানবন্দৰত সুকলমে জৰুৰী অৱতৰণ কৰে বিমানখনে। বুধবাৰে নিশা কলকাতাৰ পৰা চেন্নাই অভিমুখী বিমানখনত সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে, কলকাতাৰ পৰা চেন্নাই অভিমুখে উৰা মৰাৰ কিছু সময় পিছতে ইণ্ডিগ’ৰ ৬ই-৭২৩ বিমানখনৰ বাওফালৰ ইঞ্জিনটো অচল হৈ পৰে। বিমানখন চেন্নাইত উপস্থিত হোৱাৰ পূৰ্বে এই সমস্যাৰ সৃষ্টি হোৱাত বিমানবন্দৰ কৰ্তৃপক্ষই নিশা ১১ বাজি ২৯ মিনিটত সম্পূৰ্ণ জৰুৰী অৱস্থা ঘোষণা কৰে।

বিমানখনৰ নিৰাপদ অৱতৰণৰ বাবে বিমানবন্দৰত জৰুৰীকালীন সঁহাৰি ব্যৱস্থা সাজু কৰি ৰখা হয়। নিশা ১১ বাজি ৩৭ মিনিটত ২৫ নম্বৰ ৰানৱেত সুৰক্ষিতভাৱে অৱতৰণ কৰে বিমানখনে।

বিমানখনত ক্ৰু সদস্যসহ মুঠ ২২৪জন লোক আছিল। অৱতৰণৰ পিছত নিশা ১১ বাজি ৪৭ মিনিটত সম্পূৰ্ণ জৰুৰী অৱস্থা প্ৰত্যাহাৰ কৰে চেন্নাই বিমানবন্দৰ কৰ্তৃপক্ষই।

ইফালে, বিমানখন সুৰক্ষিতভাৱে অৱতৰণ কৰাৰ পিছত বিমানবন্দৰৰ সকলো কাৰ্যকলাপ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে। ঘটনাটো সন্দৰ্ভত বিমানবন্দৰ কৰ্তৃপক্ষই জনোৱা মতে, জৰুৰী অৱস্থা ঘোষণা কৰাৰ মূল কাৰণ আছিল বিমানখনৰ বাওফালৰ ইঞ্জিন অচল হৈ পৰা।

Leave a Reply

Your email address will not be published. Required fields are marked *