অসমৰ দ্বিতীয়খন ৰাজধানী হিচাপে ডিব্ৰুগড় চহৰৰ প্ৰসাৰ আৰু বিকাশৰ বাবে এক সুদূৰপ্ৰসাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। ডিব্ৰুগড়ক কেন্দ্ৰ কৰি এখন ‘ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ’ গঠন কৰাৰ লগতে ইয়াৰ পৰিকল্পিত বিকাশৰ বাবে এটা সুকীয়া উন্নয়ন প্ৰাধিকৰণ স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে অসম কেবিনেটে। শুকুৰবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পাছত অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। প্ৰস্তাৱিত এই ৰাজ্যিক ৰাজধানী ক্ষেত্ৰই ডিব্ৰুগড় ৰাজধানী চৌহদৰ চাৰিওফালে ২০ কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকাক সামৰি ল’ব। এই সমগ্ৰ অঞ্চলটোৰ পৰিকল্পনা আৰু উন্নয়নৰ দিশসমূহ তদাৰক কৰিবলৈ চৰকাৰে ‘ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ, ডিব্ৰুগড়’ গঠনত সন্মতি দিছে। ডিব্ৰুগড়ৰ দ্বিতীয় ৰাজধানী ক্ষেত্ৰৰ বিকাশৰ সৈতে সংগতি ৰাখি আঞ্চলিক তথা খণ্ডভিত্তিক উন্নয়নৰ পৰিকল্পনা প্ৰস্তুত কৰা, বিকাশৰ সম্ভাৱনা থকা কৰিডৰসমূহ চিনাক্ত কৰা আৰু ভৱিষ্যতৰ নগৰীকৰণৰ ৰেখাচিত্ৰ তৈয়াৰ কৰাৰ দায়িত্ব অৰ্পণ কৰা হ’ব এই নৱগঠিত সমিতিক। প্ৰশাসনৰ এই নব্য কেন্দ্ৰটো সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ডিব্ৰুগড়ৰ স্থানীয় বিধায়কগৰাকীয়ে এই উন্নয়ন প্ৰাধিকৰণৰ অন্তৱৰ্তীকালীন অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিব আৰু তেওঁক কেবিনেট মন্ত্ৰীৰ মৰ্যাদা প্ৰদান কৰা হ’ব। ইয়াৰ উপৰি নতুন ৰাজধানী ক্ষেত্ৰখনৰ আন্তঃগাঁথনিমূলক উন্নয়নৰ বাবে চলি থকা নিয়মীয়া প্ৰকল্পসমূহৰ উপৰিও অহা পাঁচ বছৰৰ ভিতৰত অতিৰিক্তভাৱে ৫০০ কোটি টকা ধাৰ্য কৰিব ৰাজ্য চৰকাৰে। ডিব্ৰুগড়ে ৰাজ্যখনৰ এক বৃহৎ প্ৰশাসনিক ভূমিকা গ্ৰহণ কৰাৰ সময়তে চহৰখনৰ পৰিকল্পিত নগৰীকৰণ সুনিশ্চিত কৰা আৰু আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰেই চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। Share this:FacebookX Related Post navigation বিশ্ব পৰিবেশ দিৱসত লেংডন ফাউণ্ডেশ্যনৰ বৃক্ষৰোপণ কাৰ্যসূচী দিল্লীত ককৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদ; ৪২ দিনীয়া অনশনৰ হুংকাৰ সোণম ৱাংচুকৰ