বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ অন্যতম অগ্ৰণী তথা জনপ্ৰিয় সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠান লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত  গুৱাহাটী মহানগৰীৰ কাহিলীপাৰাস্থিত লোকবন্ধু প্ৰাথমিক বিদ্যালয় চৌহদত স্থানীয় ৰাইজৰ সহযোগত এক বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।আনহাতে বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত  সভাত  লেংডন ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ নিতুল বৰগোহাঁই, ৰিতু কলিতা, কমলাকান্ত ডেকা,জিতু কাকতি, ডঃ স্বৰ্ণলতা নাথ, ৰোষেশ্বৰ বৰা, উপেন বৰাসহ  অঞ্চলটোৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উল্লেখ্য যে বিগত কেবাবছৰ ধৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ লেংডন ফাউণ্ডেশ্যনে হাতত লৈ আহিছে বহু আদৰণীয় পদক্ষেপ। বৃক্ষৰোপণৰ উপৰিও দৰিদ্ৰ লোকৰ বাবেও সহায়ৰ হাত আগবঢ়ায় আহিছে ফাউণ্ডেশ্যনে। ইয়াৰ উপৰিও আজি বৃক্ষৰোপণ কাৰ্যসূচীত বিদ্যালয় চৌহদত ১০০ৰো অধিক  নাহৰ আৰু বকুল পুলি ৰোপণ কৰা হয়।

কাৰ্যসূচীত অঞ্চলটোৰ বহুকেইগৰাকী সচেনত নাগৰিকে সহযোগিতা আগবঢ়োৱাৰ  লগতে লেংডন ফাউণ্ডেশ্যনৰ এই পদক্ষেপক আদৰণি জনায়।পুৰুষ-মহিলা,কণ কণ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আজিৰ বিশেষ দিনটোত সজাগতামূলক বাৰ্তা আগবঢ়ায় জনপ্ৰিয় ইনফ্লুৱেঞ্চাৰ ৰিতু কলিতাই।

Leave a Reply

Your email address will not be published. Required fields are marked *