বিশ্ব পৰিৱেশ দিৱস উপলক্ষে  অসম যুৱ পৰিষদৰ অন্তৰ্গত মধ্য গুৱাহাটী যুৱ বিধান পৰিষদ উদ্যোগত তথা ৰমেন্দ্ৰ নাৰায়ণ কলিতা অনুৰাগী মঞ্চৰ সহযোগত আজি  মধ্য গুৱাহাটী সমষ্টিৰ আমবাৰী চেগুনবাৰীস্থিত দৈমুগিৰি প্ৰাথমিক বিদ্যালয় চৌহদত এক বৃক্ষৰোপণ  কাৰ্যসূচী  হাতত লোৱা হয়।   

কাৰ্যসূচীত প্ৰাক্তন মন্ত্ৰী বিধায়ক তথা এমট্ৰনৰ অধ্যক্ষ  ৰমেন্দ্ৰ নাৰায়ণ কলিতা , ১২ নং ৱাৰ্ডৰ পাৰিষদ দীপাংকৰ বৈশ্য , মধ্য গুৱাহাটী বিধানসভা সমষ্টিৰ ভাৰপ্ৰাপ্ত সভাপতি হেমেন ডেকা, সম্পাদক ভূপেন ঠাকুৰীয়া, অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা মধ্য গুৱাহাটী যুৱ পৰিষদৰ সভাপতি  সুশান্ত দেৱ চৌধুৰী, মধ্য গুৱাহাটী মহিলা বিধান পৰিষদৰ সভানেত্ৰী গীতা ৰাণী কলিতা, মধ্য গুৱাহাটী বিধানসভা সমষ্টিৰ বাবু শৰ্মা,বলেন কলিতা, মহিলা পৰিষদৰ নীলিমা কলিতা, মাতু লস্কৰ, মধ্য গুৱাহাটী যুৱ বিধান পৰিষদৰ সদস্য ক্ৰমে -ৰতন নাথ, শ্বেখৰ সিং, ভাৰ্গৱ শৰ্মা, সুনীল দাস, ৰঞ্জন ডেকা,গোপী বড়ো, জাবেদ আলী, ৰাজেশ চক্ৰৱৰ্তী, ঘনশ্যাম মাহাতো, বলৰাম মহন্ত,লিটন ৰয়, ত্ৰিদিপ ডেকা,আকাশ আহমেদ, দৈমুগিৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অজিত ব্ৰহ্মসহ বিদ্যালয়ৰ শিক্ষক -শিক্ষয়িত্ৰী, ছাত্ৰ -ছাত্ৰী তথা স্থানীয় ৰাইজ উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *