অসম চৰকাৰৰ কেবিনেট বৈঠকৰ অন্তত বৃহস্পতিবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদমেলত বহু গুৰুত্বপূর্ণ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে৷ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে ২৫ নৱেম্বৰৰ পৰা বিধানসভাৰ অধিৱেশন আৰম্ভ হ’ব, য’ত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হ’ব। শিক্ষক বদলি সন্দৰ্ভত এক বৃহৎ সিদ্ধান্তত চৰকাৰে ঘোষণা কৰে যে মহিলা শিক্ষকে এতিয়া ১০ বছৰৰ সলনি পাঁচ বছৰৰ পিছত বদলিৰ বাবে আবেদন কৰিব পাৰিব, আনহাতে পুৰুষ শিক্ষকে ১০ বছৰৰ সলনি ৭ বছৰৰ পিছত আবেদন কৰিব পাৰিব। জনজাতি সৈতে জড়িত আন এক বৃহৎ সিদ্ধান্তত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে অনুসূচিত জনজাতি, চাহ জনজাতি, মৰাণ, আৰু মটক জনগোষ্ঠীক ৰাজ্যৰ জনসংখ্যা নীতিৰ পৰিসৰৰ পৰা বাদ দিয়া হ’ব। চাহ জনগোষ্ঠীক ভূমিৰ অধিকাৰ প্ৰদানৰো ঘোষণা কৰে। চৰকাৰে চাহ জনগোষ্ঠীক প্ৰায় ২.৯০ লাখ বিঘা ভূমি বিতৰণ কৰাৰ সিদ্ধান্ত লৈছে, যাৰ ফলত প্ৰায় ৪ লাখ পৰিয়াল উপকৃত হ’ব। কেবিনেটে সৰ্বসন্মতিক্ৰমে এই প্ৰস্তাৱক সমৰ্থন কৰে। মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে ২৫ অক্টোবৰত সকলো জিলা উপায়ুক্ত আৰু বিধায়কৰ বৈঠক অনুষ্ঠিত কৰি প্রতিটো পৰিয়ালক কিমান মাটি আবণ্টন দিয়া হ’ব সেয়া নির্ধাৰণ কৰা হ’ব৷ ২ নৱেম্বৰৰ পৰা ৩ নৱেম্বৰৰ ভিতৰত চাহ জনজাতি সংগঠনৰ সৈতেও আলোচনা অনুষ্ঠিত হ’ব। তিৱাৰী আয়োগৰ নেলী হত্যাকাণ্ডৰ প্ৰতিবেদন বিধানসভাত দাখিল কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰে। Share this:FacebookX Related Post navigation ৰাজ্যত অব্যাহত আছে প্ৰতিবাদৰ জোৱাৰ জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্রদেশ কংগ্ৰেছৰ মমশিখা সমদল