জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজ্যত অব্যাহত আছে প্ৰতিবাদৰ জোৱাৰ। তাৰ মাজতেই আজিৰে পৰা বিজেপিয়ে আৰম্ভ কৰিছে এক বিশেষ প্ৰতিবাদ। “ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী” শীৰ্ষক এই কাৰ্যসূচীত অংশ লৈছে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ লগতে বিজেপিৰ একাংশ জ্যেষ্ঠ নেতাই। নলবাৰীৰ পৰা আৰম্ভ কৰা হৈছে এই বিশেষ কাৰ্যসূচী।ন্যায়িক প্ৰক্ৰিয়াৰ মাজেৰে জুবিন গাৰ্গৰ মৃত্যুৰ যাতে সঠিক ন্যায় প্ৰদান কৰা হয়, সেই আহ্বানেৰে বিজেপিৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত বৃহৎ জন সমদল কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো ৰাইজক ন্যায় পালিকাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিবলৈ আহ্বান জনাইছিল। Share this:FacebookX Related Post navigation দিন-দুপৰতে মাত্ৰ ৪ মিনিটৰ ভিতৰতে চোৰে লৈ গ’ল ফ্ৰান্সৰ ৰাজ পৰিয়ালৰ বহু মূল্যৱান সম্পদ হাজাৰ হাজাৰ মহিলাই লাভ কৰে ১০ হাজাৰ টকাৰ চেক