দেশৰ প্ৰগতি কেতিয়াও ভয়ৰ পৰিৱেশত হ’ব নোৱাৰে, চৰকাৰে মানুহৰ মন জয় কৰিব লাগিব। – এই মন্তব্য কৰে জলবায়ু কৰ্মী সোনম ৱাংচুকে। কাৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ পাছত শনিবাৰে লেহত সংবাদ মাধ্যমৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত তেওঁ লাডাখৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতি আৰু কেন্দ্ৰীয় চৰকাৰৰ দমনমূলক নীতিৰ তীব্ৰ সমালোচনা কৰে। বিশেষকৈ ৰাজ্যৰ মৰ্যাদা আৰু ষষ্ঠ অনুসূচীৰ দাবীক লৈ চৰকাৰৰ স্থিতিত তেওঁ প্ৰকাশ কৰে ঘোৰ অসন্তুষ্টি।

লাডাখৰ জনসাধাৰণৰ অধিকাৰৰ হকে মাত মতাৰ বাবেই তেওঁক বন্দী কৰা হৈছিল বুলি দাবী কৰি ৱাংচুকে কয়, “মোক নিমাত কৰাৰ বাবেই একাংশ বিষয়াই ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ দৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মই এজন শিক্ষক হিচাপেই থাকিব বিচাৰোঁ, ৰাজনীতি কৰিবলৈ মই ইয়ালৈ অহা নাই; লাডাখৰ বাবে প্ৰয়োজনীয় সুৰক্ষাকৱচ লাভ কৰাৰ লগে লগে মই মোৰ পূৰ্বৰ কামলৈ উভতি যাম।”

২০২৫ চনৰ ছেপ্টেম্বৰত লাডাখত সংঘটিত হিংসাত্মক ঘটনা আৰু তাৰ পাছত তেওঁক একক কাৰাবাসত ৰখাৰ অভিজ্ঞতাৰ বিষয়েও ৱাংচুকে সংবাদ মাধ্যমৰ আগত সদৰী কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আগন্তুক লাডাখ ভ্ৰমণৰ সন্দৰ্ভত তেওঁ কয়, “যদিহে এই ভ্ৰমণৰ সময়ত অৰ্থপূৰ্ণ আলোচনা নহয়, তেন্তে আমি সাংবিধানিক কাঠামোৰ ভিতৰত থাকি পুনৰ আন্দোলনৰ পথ বাছি ল’বলৈ বাধ্য হ’ম।”

গৃহ মন্ত্ৰালয়ে লাডাখত পাঁচখনকৈ নতুন জিলা ঘোষণা কৰা কাৰ্যকো ৱাংচুকে সমালোচনা কৰি ইয়াক “মূৰৰ বিষ হ’লে পেটৰ দৰব দিয়া”ৰ দৰে বুলি অভিহিত কৰে। তেওঁৰ মতে, এই পদক্ষেপে লাডাখৰ ওপৰত আৰ্থিক বোজা বৃদ্ধি কৰি ৰাজ্যৰ মৰ্যাদা লাভৰ দাবীক অধিক জটিল কৰি তুলিছে। আগন্তুক ২২ মে’ৰ উপ-সমিতিৰ বৈঠকৰ পৰা তেওঁ কোনো বিশেষ আশা কৰা নাই বুলিও স্পষ্ট কৰি দিয়ে।

সোণম ৱাংচুকে লগতে কয়, “সংবিধান প্ৰদত্ত বাক-স্বাধীনতা সাব্যস্ত কৰিব নোৱাৰিলে এই দেশত জন্ম হোৱাৰ কি অৰ্থ আছে? বিজেপিয়ে দমনমূলক নীতি পৰিহাৰ কৰি জনসাধাৰণৰ বিশ্বাস ঘূৰাই অনাৰ চেষ্টা কৰিব লাগে।” লাডাখৰ নতুন প্ৰজন্মক উদ্দেশ্যি তেওঁ অহিংস আৰু সাংবিধানিক উপায়েৰে নিজৰ অধিকাৰৰ বাবে যুঁজ দিবলৈ আহ্বান জনায়। চৰকাৰে যদি এক সন্মত সমাধানসূত্ৰ উলিয়াব নোৱাৰে, তেন্তে আগন্তুক নিৰ্বাচনত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰাটো নিশ্চিত বুলিও তেওঁ সকীয়াই দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *