মমতা চৰকাৰৰ পতন ঘটাই বংগত বিজেপিৰ ধ্বজা উৰুওৱাৰ পাছতে এতিয়া একশ্যন মুডত নামি পৰিছে শুভেন্দু চৰকাৰ। ৰাজ্যখনত যোগাযোগ খণ্ডৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে শেহতীয়াকৈ ১ লাখ কোটি টকাৰ এক বিশাল ৰেল প্ৰকল্পৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে কলকাতাৰ নবান্ন সভাঘৰত অনুষ্ঠিত হোৱা এক গুৰুত্বপূৰ্ণ বৈঠকৰ পাছতে এই প্ৰকল্পৰ কথা ঘোষণা কৰাৰ লগতে ৰাজ্যৰ আটাইকেইখন জিলাৰ জিলা প্ৰশাসকক প্ৰয়োজনীয় ভূমি হস্তান্তৰৰ এক নিৰ্দিষ্ট সময়সূচী প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। বৈঠকত অংশ লোৱাৰ পূৰ্বে নবান্ন সভাঘৰত কেন্দ্ৰীয় ৰেল মন্ত্ৰীগৰাকীৰ সৈতে এক যুটীয়া সংবাদ মেল সম্বোধন কৰে শুভেন্দু অধিকাৰীয়ে। কেন্দ্ৰ আৰু ৰাজ্যৰ সম্পৰ্কৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয়, “পূৰ্বৰ তৃণমূল কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত এক সংঘাতপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছিল। ইয়াৰ পৰিণতিত বংগত ৰেলৱেৰ কাম-কাজ স্তব্ধ হৈ পৰিছিল। অৱশ্যে চৰকাৰ সলনি হোৱাৰ লগে লগে এই সমস্যাৰ এতিয়া সমাধান হ’ব।” নতুন আঁচনি অনুসৰি পশ্চিম বংগৰ প্ৰতিখন জিলাকে এতিয়াৰে পৰা ৰেলৱে মানচিত্ৰৰ সৈতে সংযোগ কৰা হ’ব। এই ৰেল সম্প্ৰসাৰণে সৰ্বসাধাৰণ ৰাইজক সহায় কৰাৰ লগতে সমগ্ৰ ৰাজ্যখনৰ যোগাযোগ ব্যৱস্থা বৃদ্ধি কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। প্ৰকল্পসমূহৰ কামত যাতে কোনো ধৰণৰ পলম নহয়, তাৰ বাবে ৰেল বিভাগক কেতিয়া ভূমি হস্তান্তৰ কৰা হ’ব সেই সন্দৰ্ভত এক সঠিক সময়সীমা তৈয়াৰ কৰিবলৈ জিলা প্ৰশাসকসকলক নিৰ্দেশ দিয়া হৈছে। ৰাজ্য চৰকাৰৰ এই পদক্ষেপৰ সন্দৰ্ভত কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে কেন্দ্ৰ আৰু ৰাজ্যৰ যৌথ সহযোগিতাই ৰেল আন্তঃগাঁথনিৰ বিকাশত গতি আনিব। বিশেষকৈ ভূমি অধিগ্ৰহণ আৰু চৰকাৰী অনুমতিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ পৰা পোৱা সঁহাৰিয়ে চলি থকা প্ৰকল্পসমূহ নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাত সহায় কৰিব বুলি তেওঁ মন্তব্য কৰে। উক্ত বৈঠকত ৰাজ্যখনত চলি থকা সকলো ৰেল প্ৰকল্পৰ খতিয়ান লোৱাৰ লগতে ভূমি কেন্দ্ৰীক যিকোনো জটিলতা দূৰ কৰাৰ বাবেও বিশদভাৱে আলোচনা কৰা হয়। Share this:FacebookX Related Post navigation বিগত দুই দশকত লক্ষণীয়ভাৱে হ্ৰাস শিশু মৃত্যুৰ হাৰ; ৰাজ্যত শিশু স্বাস্থ্য সেৱাৰ ইতিবাচক পৰিৱৰ্তন বিদ্যালয়ত নিষিদ্ধ মাংস অনাক লৈ চাঞ্চল্য! গোৱালপাৰাত উত্তপ্ত পৰিস্থিতি