মধ্যপ্ৰাচ্যত চলি থকা সামৰিক উত্তেজনা আৰু সামুদ্ৰিক সংঘাতৰ মাজতে ওমান উপকূলত সংঘটিত এক আক্ৰমণে প্ৰাণ কাঢ়ি নিলে ভাৰতৰ তিনিজনকৈ নাবিকৰ। নিহতসকলৰ ভিতৰত আছে হিমাচল প্ৰদেশৰ এজন যুৱ ডেক কেডেটো। নিহত যুৱকজনক আদিত্য শৰ্মা বুলি চিনাক্ত কৰা হৈছে। ব্যৱসায়িক নৌবাহিনীৰ অনুমোদিত বিষয়া হোৱাৰ লক্ষ্যৰে তেওঁ জাহাজখনত প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল। ওমান উপকূলৰ শিনাছ বন্দৰৰ ওচৰত সংঘটিত এই আক্ৰমণত তেওঁৰ লগতে প্ৰাণ হেৰুৱায় ইঞ্জিন ফিটাৰ শিৱানন্দ চৌৰাছিয়া আৰু মুখ্য অভিযন্তা পাটনালা সুৰেশে। প্ৰাপ্ত তথ্য অনুসৰি, ইৰানৰ পৰা তেল কঢ়িয়াই অনা পালাউ পতাকাবাহী এম টি চেটেবেল্লো নামৰ জাহাজখনক লক্ষ্য কৰি এই আক্ৰমণ সংঘটিত হয়। সামুদ্ৰিক নিৰ্দেশনা মানি নচলাৰ অভিযোগত আমেৰিকান বাহিনীয়ে জাহাজখনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল বুলি বিভিন্ন প্ৰতিবেদনত প্ৰকাশ পাইছে। ইফালে, ঘটনাটোৰ পূৰ্বে দেওবাৰে পিতৃ ৰাজেশ শৰ্মাৰ সৈতে টেলিফোনযোগে কথা পাতিছিল আদিত্যই। সেই সময়ত জাহাজখন নিৰাপদে ওমান অভিমুখে আগবাঢ়ি আছে বুলি পৰিয়ালক আশ্বস্ত কৰিছিল তেওঁ। পুত্ৰৰ মৃত্যুত শোকাহত পিতৃয়ে কয় যে বাণিজ্যিক জাহাজত সাধাৰণতে এনে আক্ৰমণ সংঘটিত নহয়। সেয়েহে কোনো ধৰণৰ বিপদৰ আশংকা কৰা নাছিল বুলিও উল্লেখ কৰে তেওঁ। লগতে পুত্ৰৰ মৃতদেহ শীঘ্ৰে দেশলৈ অনাৰ ব্যৱস্থা কৰিবলৈ ভাৰত চৰকাৰক আহ্বান জনাইছে পৰিয়ালটোৱে। উল্লেখ্য যে, যোৱা কেইদিনত ওমান উপকূলৰ ওচৰত ইৰানৰ সামগ্ৰী কঢ়িয়াই অনা একাধিক জাহাজ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। এই শেহতীয়া ঘটনাই আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সুৰক্ষাক লৈ উদ্বেগ বৃদ্ধি কৰিছে। ইফালে, বাণিজ্যিক জাহাজৰ ওপৰত ধাৰাবাহিক আক্ৰমণক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ভাৰত চৰকাৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে ওমান উপকূলৰ ওচৰত সংঘটিত একাধিক আক্ৰমণত তিনিজন ভাৰতীয় নাগৰিকে প্ৰাণ হেৰুৱাইছে। এই ঘটনাক লৈ ভাৰতৰ তীব্ৰ আপত্তি আমেৰিকাৰ ওচৰত উত্থাপন কৰা হৈছে বুলিও জানিবলৈ দিয়ে তেওঁ। বাণিজ্যিক জাহাজৰ ওপৰত হোৱা এনে আক্ৰমণ অবিলম্বে বন্ধ হ’ব লাগে বুলি দাবী জনাইছে ভাৰত চৰকাৰে। Share this:FacebookX Related Post navigation অবৈধভাৱে মজুত ৩৩টা গেছ চিলিণ্ডাৰ; কাজিৰঙাৰ দুই ভাতৃক ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি আদালতৰ কেৰালাত পুনৰ নিপাহৰ আতংক; কোঝিকোডত সংক্ৰমণ ধৰা পৰাৰ পিছতে হাই এলাৰ্ট জাৰি