কেৰালাত পুনৰ আতংকৰ সৃষ্টি কৰিছে নিপাহ ভাইৰাছে। ৰাজ্যখনৰ কোঝিকোডত শেহতীয়াকৈ এজন ৰোগীৰ দেহত পুনৰ এই ভাইৰাছৰ সংক্ৰমণ ধৰা পৰাৰ পিছতে হাই এলাৰ্ট জাৰি কৰিছে স্বাস্থ্য বিভাগে। আক্ৰান্ত বুলি সন্দেহ কৰা ৪৩ বছৰীয়া ব্যক্তিজন বৰ্তমান কোঝিকোড চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। আইচিইউ কক্ষত ৰখা লোকজনক ভেণ্টিলেটৰৰ সহায়ত চিকিৎসা প্ৰদান কৰি আছে চিকিৎসকসকলে। বুধবাৰে হাস্পতালত সম্পন্ন হোৱা ব্যক্তিজনৰ প্ৰাথমিক পৰীক্ষাত নিপাহ ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ইয়াৰ পিছতে নিশ্চিতকৰণৰ বাবে নমুনা পুনেৰ ৰাষ্ট্ৰীয় ভাইৰ’লজি প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হয়। চূড়ান্ত পৰীক্ষাৰ ফলাফল বৃহস্পতিবাৰে লাভ হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্য বিভাগে জানিবলৈ দিয়া মতে, ফেৰোকৰ বাসিন্দা লোকজন প্ৰথমে এখন নিচামুক্তি কেন্দ্ৰত চিকিৎসা গ্ৰহণ কৰিছিল। পিছত স্বাস্থ্যৰ অৱস্থা অৱনতি ঘটাত তেওঁক কোঝিকোড চহৰৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয়। পৰৱৰ্তী সময়ত স্থানান্তৰ কৰা হয় কোঝিকোড চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ। তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, শেহতীয়াকৈ ভাড়ালৈ লোৱা এটা গুদামঘৰ নিজে পৰিষ্কাৰ কৰিছিল লোকজনে। চৰাই আৰু বাদুলিৰ অৱস্থান থকা সেই গুদামঘৰতে তেওঁ ভাইৰাছটোৰ সংস্পৰ্শলৈ আহিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে স্বাস্থ্য কৰ্তৃপক্ষই। ইফালে, আক্ৰান্ত ব্যক্তিজনৰ সংস্পৰ্শলৈ অহা লোকসকলক চিনাক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে স্বাস্থ্য বিভাগে। আত্মীয়-স্বজন, ঘনিষ্ঠ পৰিচিত, স্বাস্থ্যকৰ্মী আৰু সম্ভাৱ্য সংস্পৰ্শলৈ অহা আন লোকসকলৰ তথ্য সংগ্ৰহ কৰা হৈছে। সম্ভাৱ্য বিপদ ৰোধ কৰিবলৈ সংশ্লিষ্ট লোকসকলক পৰ্যবেক্ষণত ৰখাৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। কেৰালাৰ স্বাস্থ্য মন্ত্ৰীয়ে জানিবলৈ দিয়া মতে, ব্যক্তিজন অসুস্থ হোৱাৰ পূৰ্বে বহু লোকৰ সংস্পৰ্শলৈ আহিছিল। সেইবাবে পৰিস্থিতিটোৰ ওপৰত বিশেষ নজৰ ৰখা হৈছে। আতংকিত নহ’বলৈ জনসাধাৰণক আহ্বান জনোৱাৰ লগতে স্বাস্থ্য বিভাগৰ সকলো ইউনিটক সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখ্য যে, ফল খোৱা বাদুলিক নিপাহ ভাইৰাছৰ প্ৰধান বাহক বুলি গণ্য কৰা হয়। বাদুলিৰ দ্বাৰা দূষিত ফল-মূল অথবা সংক্ৰমিত ব্যক্তি আৰু জীৱ-জন্তুৰ শৰীৰৰ ৰসৰ সংস্পৰ্শত আহিলে এই ভাইৰাছ বিয়পিব পাৰে। তীব্ৰ জ্বৰ, বমি, মূৰৰ বিষ, তন্দ্ৰাচ্ছন্নতা আদি ইয়াৰ সাধাৰণ লক্ষণ। গুৰুতৰ ক্ষেত্ৰত মগজুত প্ৰদাহৰ সৃষ্টি হৈ ৰোগীৰ মৃত্যু পৰ্যন্ত ঘটিব পাৰে। মন কৰিবলগীয়া যে, ২০১৮ চনৰ পৰা কেৰালাত একাধিকবাৰ নিপাহ ভাইৰাছৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে। সেয়েহে এই শেহতীয়া ঘটনাক লৈ নতুনকৈ উদ্বিগ্ন হৈ পৰিছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগ। Share this:FacebookX Related Post navigation ওমান উপকূলত জাহাজত আক্ৰমণ! হিমাচলৰ যুৱ নাবিকসহ তিনিজনৰ মৃত্যু