ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত দীৰ্ঘদিনীয়া যুদ্ধৰ অৱসান ঘটাৰ সম্ভাৱনাক লৈ আশাবাদী আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। শীঘ্ৰেই দুয়োখন দেশৰ মাজত এখন শান্তি চুক্তি স্বাক্ষৰিত হ’ব পাৰে বুলি আস্থা প্ৰকাশ কৰিছে ট্ৰাম্পে। সম্ভাৱ্য এই শান্তি চুক্তিক এক ‘বৃহৎ আৰু সুন্দৰ চুক্তি’ বুলি অভিহিত কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। ট্ৰাম্পৰ মন্তব্য অনুসৰি, এই চুক্তি কেৱল ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজতে সীমাবদ্ধ নাথাকিবও পাৰে। বৰঞ্চ ইয়াৰ পৰিসৰ বৃদ্ধি পাই সমগ্ৰ ইউৰোপকো সামৰি লোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, ৰাছিয়া-ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধই ইতিমধ্যে সমগ্ৰ বিশ্বৰ ৰাজনীতি, অৰ্থনীতি আৰু নিৰাপত্তা ব্যৱস্থাত গভীৰ প্ৰভাৱ পেলাইছে। এনে পৰিস্থিতিত ট্ৰাম্পৰ এই মন্তব্যই আন্তঃৰাষ্ট্ৰীয় কূটনৈতিক মহলত নতুন আশাৰ সঞ্চাৰ কৰিছে। অৱশ্যে দুয়োখন দেশৰ মাজত প্ৰকৃততে কেতিয়া আৰু কেনেদৰে শান্তি চুক্তি স্বাক্ষৰিত হ’ব, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। Share this:FacebookX Related Post navigation গড্ৰেজ এগ্ৰ’ভেটৰ দ্বিতীয় ত্ৰৈমাসিকৰ ৰাজহ ১৭% বৃদ্ধিৰে হৈছেগৈ ২,৯৯৫ কোটি টকা, লভ্যাংশ ২২% বৃদ্ধি শিক্ষাৰ্থীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ