পশু পুষ্টি, তৈলপাম আৰু বি২চি ফুডচ খণ্ডৰ শক্তিশালী প্ৰদৰ্শনৰ বলত ২০২৬ চনৰ ৩০ ছেপ্টেম্বৰত শেষ হোৱা ২০২৭ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত গড্ৰেজ এগ্ৰ’ভেট লিমিটেডৰ একত্ৰিত ৰাজহ বাৰ্ষিক ১৭% বৃদ্ধি পাই ২,৯৯৫ কোটি টকা হৈছে। কোম্পানীটোৰ কৰ-পূৰ্ব লাভ ৫% বৃদ্ধি পাই ১৩১ কোটি টকা হোৱাৰ বিপৰীতে কৰ-পৰৱৰ্তী লাভ ২২% বৃদ্ধি পাই ১০৩ কোটি টকা হৈছে। অৱশ্যে, ইনপুট খৰচৰ মুদ্ৰাস্ফীতি আৰু এল নিনো সম্পৰ্কীয় প্ৰত্যাহ্বানৰ বাবে ব্যৱধান প্ৰায় ১২০ বেচিচ পইণ্ট প্ৰভাৱিত হোৱাৰ ফলত ইবিটডা ২২২ কোটি টকাতে অপৰিৱৰ্তিত আছে। কোম্পানীটোৱে নিজৰ কাৰ্যকৰী মূলধনৰ ম্যাদ বিগত বৰ্ষৰ ৩২ দিনৰ পৰা ২১ দিনলৈ উন্নত কৰিবলৈ সক্ষম হৈছে।

২০২৭ বিত্তীয় বৰ্ষৰ প্ৰথমাৰ্ধত ৰাজহ ১৩% বৃদ্ধি পাই ৫,৮৪৭ কোটি টকা হৈছে, যদিও ইবিটডা, কৰ-পূৰ্ব লাভ আৰু কৰ-পৰৱৰ্তী লাভ ক্ৰমে ৫%, ৪% আৰু ১% হ্ৰাস পাইছে। মুখ্য কাৰ্যবাহী বিষয়া তথা পৰিচালন সঞ্চালক সুনীল কাটাৰিয়াই কয় যে, পশুপুষ্টি আৰু তৈলপম খণ্ডই ত্ৰৈমাসিক বৃদ্ধিত সবল বৰঙণি যোগাইছে, দুয়োটা খণ্ডৰ ৰাজহ ক্ৰমে ১৪% আৰু ২৮% বৃদ্ধি পাইছে। কাটাৰিয়াই গছপুলি ৰোপণ বা খেতিৰ সম্প্ৰসাৰণ, সামগ্ৰীৰ মানদণ্ড উন্নত কৰা আৰু উৎপাদন ক্ষমতাৰ সৰ্বাধিক ব্যৱহাৰত কৰা বিনিয়োগক মুখ্য কৌশলগত অগ্ৰাধিকাৰ হিচাপে উল্লেখ কৰে।

অসমতো ক্ৰমবৰ্ধমান পশুপালন, দুগ্ধজাত আৰু খাদ্য সংসাধন খণ্ডৰ মাজত কোম্পানীটোৰ পশু পুষ্টি, দুগ্ধজাত আৰু খাদ্য সামগ্ৰীৰ বৃদ্ধিয়ে ন ন সুযোগৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ উপৰিও মূল্য সংযোজিত সামগ্ৰী আৰু কৃষি যোগান শৃংখলাৰ ওপৰত থকা কোম্পানীটোৰ গুৰুত্বই সমগ্ৰ উত্তৰ-পূবৰ বজাৰৰ বাবে প্ৰাসংগিকতা বহন কৰিছে। কাটাৰিয়াই কয় যে, ব্যৱহাৰিক প্ৰত্যাহ্বানৰ স্বত্বেও কোম্পানীটোৱে কৌশলগত পৰিৱৰ্তন আৰু বহনক্ষম দীৰ্ঘম্যাদী বিকাশৰ ওপৰত নিজৰ মনোযোগ কেন্দ্ৰীভূত কৰি ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *