ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ ঘোষণা কৰিছে ভাৰতীয় তাৰকা বেগী বলাৰ মহম্মদ ছামীয়ে। শুকুৰবাৰে সামাজিক মাধ্যমত নিজৰ সিদ্ধান্তৰ কথা প্ৰকাশ কৰি ক্ৰিকেটৰ দীঘলীয়া ফৰ্মেটত ১৩ বছৰীয়া বৰ্ণিল কেৰিয়াৰৰ সামৰণি ঘটায় ছামীয়ে। অৱশ্যে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলেও এদিনীয়া আৰু টি-২০ ক্ৰিকেটত ভাৰতৰ হৈ খেলি যাব বুলি স্পষ্ট কৰি দিছে তাৰকা বলাৰগৰাকীয়ে। ৬৪খন টেষ্ট মেচত ২২৯টা উইকেট দখল কৰি আন্তঃৰাষ্ট্ৰীয় টেষ্ট কেৰিয়াৰৰ অন্ত পেলোৱা মহম্মদ ছামী ভাৰতৰ অন্যতম সফল বেগী বলাৰ হিচাপে পৰিগণিত হৈছে। টেষ্ট ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক উইকেট দখল কৰা বেগী বলাৰৰ তালিকাত ছামীৰ স্থান ষষ্ঠ। তেওঁৰ আগত আছে কপিল দেৱ, জাহিৰ খান, ঈশান্ত শৰ্মা, জাভাগল শ্ৰীনাথ আৰু যশপ্ৰীত বুমৰা। ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ পিছৰে পৰা ভাৰতীয় দলৰ পৰা আঁতৰি থকা ৩৬ বছৰীয়া ছামীয়ে ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে নিজৰ অৱসৰৰ সিদ্ধান্ত ঘোষণা কৰে। দীৰ্ঘদিন ধৰি ভাৰতীয় ক্ৰিকেটৰ বাবে নিজৰ দক্ষতা আৰু প্ৰদৰ্শনেৰে অৱদান আগবঢ়োৱা মহম্মদ ছামীৰ টেষ্ট কেৰিয়াৰৰ এই সামৰণি ভাৰতীয় ক্ৰিকেটৰ বাবে এক উল্লেখযোগ্য অধ্যায়ৰ অন্ত। Share this:FacebookX Related Post navigation ৰাজ্যবাসীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ বিশ্ব গুণগত মানদণ্ড মাহ২০২৬ উদযাপনৰ লগতে বিক্ৰী পৰৱৰ্তী সেৱাৰ উৎকৃষ্টতাৰ ওপৰত গুৰুত্ব অধিক বৃদ্ধি কৰিছে নিচান মটৰ ইণ্ডিয়াই