ৰাজ্যবাসীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। অহা ১২ নৱেম্বৰত ২৪ ঘণ্টীয়া পেট্ৰ’ল পাম্প বন্ধৰ ঘোষণা কৰিছে নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ্ছ এছ’চিয়েশ্বনে।

ডিলাৰসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত এই বন্ধৰ ঘোষণা কৰিছে সংগঠনটোৱে।

মূলতঃ তেল বিপণন কোম্পানীসমূহৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি প্ৰতিবাদস্বৰূপে এই সিদ্ধান্ত গ্ৰহণ কৰিছে পেট্ৰ’লিয়াম ডিলাৰ্ছ এছ’চিয়েশ্বনে।

ডিলাৰসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান, বিভিন্ন দাবী পূৰণ আৰু তেল বিপণন কোম্পানীসমূহৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰাৰ উদ্দেশ্যে এই ২৪ ঘণ্টীয়া বন্ধৰ আহ্বান জনোৱা হৈছে।

এই বন্ধৰ ফলত অহা ১২ নৱেম্বৰত পেট্ৰ’ল আৰু ডিজেল ক্ৰয় কৰাত গ্ৰাহকসকলে সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।

সেয়েহে বন্ধৰ দিনটোত ইন্ধনৰ প্ৰয়োজন হ’ব পৰা গ্ৰাহকসকলক আগতীয়াকৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *