এছআইআৰ প্ৰক্ৰিয়াত হোৱা ব্যাপক নাম কৰ্তনক লৈ তীব্ৰ উদ্বেগ প্ৰকাশ কৰি ২০২৬ চনৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচন আইনীভাৱে বৈধ আছিলনে নাই, তাক লৈ তাৎপৰ্যপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে দেশৰ প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত এছ ৱাই কুৰেশ্বীয়ে। কলকাতাৰ এক স্মাৰক বক্তৃতাত অংশ লৈ প্ৰাক্তন নিৰ্বাচনী মুৰব্বীগৰাকীয়ে প্ৰক্ৰিয়াটোক অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ (এনআৰচি) সৈতে তুলনা কৰি ইয়াক ‘এনআৰচিৰ পিতৃ’ আখ্যা দিয়ে।

কুৰেশ্বীয়ে উল্লেখ কৰা মতে, অসমৰ এনআৰচিত বছৰ বছৰ ধৰি সুদীৰ্ঘ আইনী প্ৰক্ৰিয়া অনুসৰণ কৰা হৈছিল। কিন্তু বংগৰ ৪৯ টা সমষ্টিত মাত্ৰ ১৫ দিনৰ ভিতৰতে ৭০ ৰ পৰা ৮০ শতাংশ মুছলিম সম্প্ৰদায়ৰ লোকৰ নাম বাংলাদেশীকৰণৰ অবৈজ্ঞানিক অভিযোগ তুলি কৰ্তন কৰা বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে।

ইফালে, অন্যায়ভাৱে তালিকাৰ পৰা নাম কৰ্তন কৰা পঞ্জীয়নভুক্ত ভোটাৰসকলক পুনৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ নতুন ভোটাৰৰ বাবে প্ৰযোজ্য ‘ফৰ্ম ৬’ পূৰণ কৰোৱা কাৰ্যসূচীকো তেওঁ তীব্ৰ সমালোচনা কৰে। ভুৱা ঘোষণাৰ বাবে কাৰাদণ্ডৰ নিয়ম থকাৰ পিছতো বহু বছৰ ধৰি ভোটদান কৰি অহা পুৰণি ভোটাৰসকলক নৱ-ভোটাৰ হিচাপে নিজকে ঘোষণা কৰিবলৈ বাধ্য কৰোৱা কাৰ্য আইনগতভাৱে অযুক্তিকৰ বুলি কুৰেশ্বীয়ে আঙুলিয়াই দিয়ে।

আদালত আৰু নিৰ্বাচনী আয়োগৰ ভিতৰচ’ৰাৰ ত্ৰুটিসমূহ প্ৰকাশ কৰি প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে কয় যে ত্ৰিসদস্যীয় আয়োগত এককভাৱে কোনো এজন ব্যক্তিয়ে সিদ্ধান্ত ল’ব নোৱাৰে। এই গুৰুত্বপূৰ্ণ বিষয়টো ন্যায়ালয়ৰ বিচৰাধীন হৈ থকাৰ সময়তে কৰ্তৃপক্ষক ভুল শুধৰাই অন্যায়ভাৱে নাম কটা যোৱা নাগৰিকসকলক দ্ৰুতভাৱে ভোটাৰ তালিকাত পুনৰ অন্তৰ্ভুক্ত কৰাৰ এক ফলপ্ৰসূ প্ৰক্ৰিয়া গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *