বিদেশৰ মাটিত দেশৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা শক্তিসমূহৰ সৈতে ভাৰতৰ মুখ্য বিৰোধী দলৰ নেতাৰ সম্পৰ্কক লৈ এতিয়া ৰাষ্ট্ৰীয় ৰাজনীতিত তীব্ৰ বিতৰ্কৰ সূত্ৰপাত ঘটিছে। নিউয়ৰ্কৰ নৱনিযুক্ত মেয়ৰ জোহৰান মমদানীয়ে কাৰাগাৰত বন্দী এক্টিভিষ্ট উমৰ খালিদৰ সমৰ্থনত থিয় দিয়াৰ পাছতে বিজেপিয়ে ৰাহুল গান্ধীক লক্ষ্য কৰি চোকা আক্ৰমণ শাণি দিছে। বিজেপিৰ অভিযোগ অনুসৰি, ৰাহুল গান্ধী আৰু তেওঁৰ সহযোগীসকলে ভাৰতৰ সাৰ্বভৌমত্বৰ বিৰুদ্ধে কাম কৰা আন্তৰ্জাতিক লবীসমূহৰ সৈতে হাত মিলাই দেশক অপমানিত কৰিবলৈ চেষ্টা চলাইছে।

উল্লেখযোগ্য যে, মমদানীয়ে উমৰ খালিদৰ মুক্তিৰ দাবী তোলাৰ লগতে আঠগৰাকী আমেৰিকান সাংসদেও এই সন্দৰ্ভত ভাৰতীয় ৰাষ্ট্ৰদূতলৈ পত্ৰ প্ৰেৰণ কৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰই এক সংবাদমেলযোগে দাবী কৰে যে এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ আঁৰত ৰাহুল গান্ধীৰ বিশেষ ভূমিকা আছে। ইফালে, আমেৰিকাৰ এই পদক্ষেপক ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ বুলি অভিহিত কৰি শাসকীয় পক্ষই কংগ্ৰেছৰ দেশপ্ৰেমক লৈও প্ৰশ্ন উত্থাপন কৰিছে।

অন্যহাতে, এই অভিযোগসমূহক ভিত্তিহীন বুলি অভিহিত কৰিছে বিৰোধী শিবিৰে। মমদানীৰ সৈতে ৰাহুল গান্ধীৰ সম্পৰ্কক লৈ বিজেপিয়ে চলোৱা অপপ্ৰচাৰ কেৱল ৰাজনৈতিক মুনাফাৰ বাবেহে বুলিও একাংশই মত প্ৰকাশ কৰে। অৱশ্যে বিদেশৰ পৰা উমৰ খালিদৰ দৰে বিতৰ্কিত ব্যক্তিৰ বাবে অহা সমৰ্থন আৰু তাৰ পাছত ভাৰতৰ অভ্যন্তৰত সৃষ্টি হোৱা এই বাকযুদ্ধই অনাগত দিনত ৰাজনৈতিক পৰিৱেশ অধিক উত্তপ্ত কৰি তোলাটো নিশ্চিত।

Leave a Reply

Your email address will not be published. Required fields are marked *