ধৰ্ষণ গোচৰৰ এজন অভিযুক্তক তদন্তৰ বাবে লৈ যোৱাৰ সময়তে সংঘটিত হ’ল এক চাঞ্চল্য্যকৰ এনকাউণ্টাৰৰ ঘটনা। কামৰূপ জিলাৰ ছয়গাঁৱত আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীৰ গুলীত আহত হয় ১০ বছৰীয়া নাবালিকা ধৰ্ষণৰ মূল অভিযুক্ত আক্কাছ আলী (৩৫)। বাঁও ভৰিত গুলী লাগি আহত হোৱা ৩৫ বছৰীয়া অভিযুক্তজনক বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছে। জানিব পৰা মতে, পকচো আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা আক্কাছ আলীক শনিবাৰে নিশা আৰক্ষীৰ এটা দলে তদন্তৰ খাতিৰত এক অভিযানলৈ লৈ গৈছিল। অভিযানৰ সময়তে অভিযুক্তজনে হঠাতে আৰক্ষী কৰ্মীৰ ওপৰত আক্ৰমণ চলাই হাতকেৰেয়া ফালি পলায়নৰ চেষ্টা কৰে। আৰক্ষীয়ে তেওঁক ৰখাবলৈ সতৰ্কবাণী দিয়ে যদিও অভিযুক্তজনে দৌৰিবলৈ ধৰাত আৰক্ষীয়ে বাধ্য হৈ গুলীচালনা কৰে। উল্লেখ্য যে, অঞ্চলটোৰ এগৰাকী ১০ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত আৰক্ষীয়ে অলপতে আক্কাছ আলীক কৰায়ত্ত কৰিছিল। এই মৰ্মান্তিক ঘটনাটোক লৈ সমগ্ৰ ছায়গাঁও অঞ্চলতে তীব্ৰ ক্ষোভ আৰু উত্তেজনাৰ সৃষ্টি হৈছিল। বৰ্তমান হাস্পতালত চিকিৎসাধীন হৈ থকা অভিযুক্তজন আৰক্ষীৰ কটকটীয়া পহৰাত আছে। আনহাতে, নিয়ম অনুসৰি এই এনকাউণ্টাৰৰ ঘটনা সন্দৰ্ভতো এক বিভাগীয় তদন্ত প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে। Share this:FacebookX Related Post navigation প্ৰেমিকাৰ বাবে নিয়ন্ত্ৰণ ৰেখা পাৰ হ’ল পাকিস্তানৰ যুৱক; সেনাৰ হাতত আটক হ’ল প্ৰেমিক-প্ৰেমিকা যুগল ৰাজ্যত জুনৰ পৰা সাময়িকভাৱে বন্ধ হ’ল ৰেহাই মূল্যৰ মচুৰ দাইল, চেনি আৰু নিমখ যোগান আঁচনি