সীমান্তৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থাকো নেওচি কেৱল প্ৰেমিকাৰ কাষ পাবলৈকে পাকিস্তান অধিকৃত কাশ্মীৰৰ পৰা ভাৰতভূমিত প্ৰৱেশ কৰিলে এজন যুৱকে। জম্মু-কাশ্মীৰৰ উৰী খণ্ডত নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ অহা পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ এই যুৱকজনক বৰ্তমান ভাৰতীয় সেনাৰ এটি দলে আটক কৰিছে। ইয়াৰ লগে লগেই যুৱকজনৰ স্থানীয় প্ৰেমিকাকো সুৰক্ষা বাহিনীয়ে জিম্মাত লৈছে।

জানিব পৰা মতে, শনিবাৰে নিশা উৰী খণ্ডৰ এটা পহৰাদাৰী দলে সীমান্তৰ কাঁটাতাঁৰৰ সমীপত সন্দেহজনক চাল চলন প্ৰত্যক্ষ কৰিছিল। নিৰাপত্তা কৰ্মীসকলে ততাতৈয়াকৈ সমগ্ৰ এলেকাটো ঘেৰি ধৰে আৰু অনুপ্ৰৱেশ কৰা যুৱকজনক কৰায়ত্ত কৰে। প্ৰাৰম্ভিক সোধা-পোছাত যুৱকজনে কোনো কূটাঘাতমূলক উদ্দেশ্যৰে নহয়, বৰঞ্চ কেৱল সীমান্তৰ এইপাৰে থকা নিজৰ প্ৰেমিকাক সাক্ষাৎ কৰিবলৈহে আহিছিল বুলি স্বীকাৰ কৰে।

জানিব পৰা মতে, দুয়োৰে মাজত দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক আছিল আৰু দুয়োৰে পৰিয়ালেও এই বিষয়ে অৱগত আছিল। প্ৰেমিকাৰ সৈতে থকা যোগাযোগৰ সূত্ৰ ধৰিয়েই যুৱকজনে এনেদৰে সীমান্ত পাৰ হোৱাৰ দৰে এক বিপদসংকুল সিদ্ধান্ত গ্ৰহণ কৰিছিল। বৰ্তমান সেনা আৰু স্থানীয় আৰক্ষীয়ে যুৱকজনৰ এই ভাষ্যৰ সত্যতা নিৰূপণ কৰিবলৈ যুটীয়াভাৱে জেৰা চলাই আছে।

আৰক্ষীৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি, সীমান্ত সুৰক্ষা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সংবেদনশীলতাৰ প্ৰতি লক্ষ্য ৰাখি বিষয়টোক অত্যন্ত গুৰুত্বসহকাৰে লোৱা হৈছে। যুৱকজনৰ পৰা কোনো সন্দেহজনক সামগ্ৰী উদ্ধাৰ হৈছে নেকি, সেই সন্দৰ্ভত তালাচী চলোৱা হৈছে। আইনগত প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতহে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি প্ৰশাসনে জানিবলৈ দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *