বৰ্তমান চলি থকা লেখেয়া বাজেট ব্যৱস্থাৰ বাবে জুন মাহৰ পৰা ৰাজ্য চৰকাৰে সাময়িকভাৱে স্থগিত ৰাখিছে মচুৰ দাইল, চেনি আৰু নিমখৰ ৰেহাই মূল্যৰ যোগান আঁচনি। ৰাজ্যত নতুন চৰকাৰ গঠন হোৱাৰ পিছত সম্পূৰ্ণ বাজেট গৃহীত নোহোৱালৈকে এই আঁচনিখন বন্ধ থাকিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে।

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সদৰী কৰা তথ্য অনুসৰি, চৰকাৰৰ এই ৰেহাই মূল্যৰ খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচী অহা আগষ্ট মাহৰ পৰা পুনৰ কাৰ্যকৰী কৰা হ’ব। অৱশ্যে, খাদ্য সুৰক্ষা আঁচনিৰ অধীনত হিতাধিকাৰীসকলে লাভ কৰি অহা বিনামূলীয়া চাউল যোগান ব্যৱস্থাত কোনো ব্যাঘাত নজন্মে বুলি চৰকাৰে স্পষ্ট কৰি দিছে। হিতাধিকাৰীসকলে পূৰ্বৰ দৰেই প্ৰতিমাহে নিয়মীয়াকৈ বিনামূলীয়া চাউল লাভ কৰি থাকিব।

প্ৰশাসনৰ সূত্ৰই জানিবলৈ দিয়া মতে, সম্পূৰ্ণ বাজেট উত্থাপন আৰু অনুমোদন নোহোৱালৈকে জৰুৰীকালীন চৰকাৰী ব্যয়সমূহ বহন কৰাৰ বাবেহে এই লেখেয়া বাজেটৰ ব্যৱস্থা কৰা হৈছে। যাৰ বাবেই বিত্তীয় সীমাবদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি সাময়িকভাৱে এই আঁচনিখন বন্ধ কৰিবলগীয়া হৈছে। অৱশ্যে বাজেট প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে হিতাধিকাৰীসকলে পুনৰ এই আঁচনিৰ লাভ পাব বুলি চৰকাৰে আশ্বাস প্ৰদান কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *