শমা আৰু ছানগ্লাছৰ অগ্ৰণী ব্ৰেণ্ড অ’কলিয়ে নিজৰ প্লেয়াৰ্ছ কালেকচন অভিযানৰ শেহতীয়া সংস্কৰণ মুকলি কৰিছে, য’ত বিশ্ববিখ্যাত ক্ৰীড়া তাৰকা কিলিয়ান এমবাপে আৰু জাইলেন ব্ৰাউনক প্ৰদৰ্শন কৰা হৈছে। এই সংগ্ৰহত দুয়োগৰাকী খেলুৱৈৰ সৈতে যুটীয়াভাৱে প্ৰস্তুত কৰা বিশেষ চিগনেশ্বৰ চশমা শৃংখলা সন্নিৱিষ্ট কৰা হৈছে, যিয়ে খেলুৱৈ দুজনৰ ব্যক্তিগত শৈলী, পৰিচয় আৰু ক্ৰীড়া জগতৰ প্ৰভাৱক প্ৰতিফলিত কৰে। এই নতুন চশমাসমূহত হাইলণ্ড জাইলেন ব্ৰাউন চিগনেশ্বাৰ চিৰিজ অন্তৰ্ভুক্ত কৰা হৈছে, য’ত একচেটিয়া কোকো ব্ৰাউন ৰং, ব্ৰাউনৰ ব্যক্তিগত ল’গ’ আৰু সূৰ্যৰ পোহৰ বা ৰ’দৰ পৰা অধিক সুৰক্ষা প্ৰদান কৰিবলৈ বিশেষভাৱে ডিজাইন কৰা প্ৰিজম ৰুবী লেন্স ব্যৱহাৰ কৰা হৈছে। খেলপথাৰৰ বাহিৰত ব্ৰাউনৰ ফেশ্বন পচন্দৰ দ্বাৰা অনুপ্ৰাণিত এই চশমাযোৰ দীৰ্ঘস্থায়ী আৰু আৰামদায়ক কৰিবলৈ অত্যন্ত পাতল অ’-মেটাৰ™ ফ্ৰেম ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হৈছে। আনহাতে, কিলিয়ান এমবাপে চিগনেশ্বাৰ চিৰিজ পাৰ্মিয়ানত প্ৰিজম™ ৰোড লেন্সৰ সৈতে এক আকৰ্ষণীয় লেন্স ডিজাইন আগবঢ়োৱা হৈছে। চশমাৰ ফ্ৰেমটোত এমবাপৰ ল’গ’ থকাৰ লগতে তেওঁৰ শিপা আৰু ক্ৰীড়া যাত্ৰাৰ প্ৰতি সন্মান জনাই ফ্ৰান্সত অৱস্থিত খেলুৱৈজনৰ গৃহ চহৰ বণ্ডীৰ ভৌগোলিক স্থানাংক চশমাযোৰত খোদিত কৰা হৈছে। এই সন্দৰ্ভত ব্ৰাউনে নিজৰ অভিমত ব্যক্ত কৰি কয় যে, “মোৰ বাবে সকলো বস্তুৱেই ইটো সিটোৰ সৈতে সম্পৰ্কিত, ইয়াত আছে: প্ৰদৰ্শন, সৃজনশীলতা আৰু পৰিচয়।” এমবাপেই এই বিষয়ে কয় যে, “ষ্টাইল হৈছে এক স্বকীয় পৰিচয়। এই চশমাজোৰ কেৱল এক ফেশ্বন সামগ্ৰী নহয়— ই মোৰ শিপা বহন কৰে আৰু মোৰ জীৱনৰ যাত্ৰাকো প্ৰতিফলিত কৰে।” গুৱাহাটী মহানগৰীৰ যুৱ গ্ৰাহক, ক্ৰীড়া প্ৰেমী আৰু প্ৰিমিয়াম চশমা ক্ৰেতাসকলৰ মাজত অ’ক্লিৰ উপস্থিতিক অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। চহৰখনত ব্ৰেণ্ডেড আৰু উচ্চমানৰ ক্ৰীড়াকেন্দ্ৰিক চশমাৰ বৰ্ধিত চাহিদালৈ লক্ষ্য ৰাখি, ক্ৰীড়া-অনুপ্ৰাণিত ডিজাইন আৰু লাইফষ্টাইল ফেশ্বনৰ সংমিশ্ৰণ বিচৰা গ্ৰাহকসকলক এই নতুন সংগ্ৰহে আকৰ্ষিত কৰিব পাৰে। এই প্লেয়াৰ্ছ কালেকচন বৰ্তমান আগশাৰীৰ অপ্টিকেল ষ্ট’ৰ, ছানগ্লাছ হাট, লেন্স ক্ৰাফটাৰ্ছ আৰু প্ৰধান ই-কমাৰ্চ প্লেটফৰ্মসমূহত উপলব্ধ, যাৰ মূল্য ১১,৬৯০ টকাৰ পৰা আৰম্ভ হৈছে। Share this:FacebookX Related Post navigation প্ৰথমবাৰৰ বাবে ফ্ৰেন্স অ’পেনৰ ছেমি ফাইনেলত ইটালীৰ ফ্লেভিঅ’ ক’ব’লি