ইটালীৰ টেনিছ তাৰকা ফ্লেভিঅ’ ক’ব’লিয়ে ২০২৬ৰ ফ্ৰেন্স অ’পেনত এক তাৰকাময় প্ৰদৰ্শন আগবঢ়াই কেৰিয়াৰত প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ কৰে। পুৰুষৰ একক কোৱাৰ্টাৰ ফাইনেলত কানাডাৰ ফেলিক্স অগাৰ-এলিয়াছিমক ৪-৬, ৬-৪, ৬-৪, ৬-৪ ত পৰাস্ত কৰি ২৪ বছৰীয়া ক’ব’লিয়ে অন্তিম চাৰিত প্ৰৱেশ কৰে। খেলখনৰ আৰম্ভণি ভাল নহ’ল ক’ব’লিৰ বাবে। প্ৰথম ছেটত ৪-৬ ত পৰাস্ত হয়। ইয়াৰ পিছত তেওঁ এক সুন্দৰ কামবেক কৰে, একেৰাহে তিনিটা ছেট জয় কৰি মেচখন জয় কৰে। এই জয় তেওঁৰ কেৰিয়াৰৰ অন্যতম ডাঙৰ কৃতিত্ব হিচাপে পৰিগণিত হৈছে, তেওঁ প্ৰথমবাৰৰ বাবে গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। মেচৰ অন্তত ক’ব’লিয়ে কয় যে এই সপ্তাহটো তেওঁৰ জীৱনৰ শ্ৰেষ্ঠ সপ্তাহ আছিল। গোটেই মেচখনত ক’ব’লিয়ে আত্মবিশ্বাসী যেন দেখা গৈছিল। তেওঁৰ ফৰহেণ্ড শ্বট আৰু ক’ৰ্টত দ্ৰুত গতিবিধিয়ে অগাৰ-এলিয়াছিমক অহৰহ হেঁচাত ৰাখিছিল। গুৰুত্বপূৰ্ণ পইণ্টতো তেওঁ ভাল খেলিছিল, যিটো তেওঁৰ জয়ৰ মূল কাৰক আছিল। এই জয়ে তেওঁৰ বিশ্ব ৰেংকিঙতো প্ৰভাৱ পেলাইছে। প্ৰতিযোগিতাখনৰ আৰম্ভণিতে তেওঁ বিশ্বৰ ১৪ নম্বৰ স্থান লাভ কৰিছিল যদিও এতিয়া লাইভ ৰেংকিঙত ১০ নম্বৰ স্থানলৈ উন্নীত হৈছে, যিটো তেওঁৰ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ। যদিহে আন ফলাফল তেওঁৰ মতে যায় তেন্তে তেওঁ আনুষ্ঠানিকভাৱে প্ৰথমবাৰৰ বাবে শীৰ্ষ দহৰ ভিতৰত স্থান লাভ কৰিব পাৰে। ছেমিফাইনেলত মুখামুখি হ’ব নিজ দেশৰ তাৰকাৰে। কোৱাৰ্টাৰ ফাইনেল মেচত বিজয়ী দলটোৱে ছেমিফাইনেলত ক’বলিৰ বিৰুদ্ধে খেলিব। ইটালীৰ দুগৰাকী খেলুৱৈয়ে কোনো বৃহৎ প্ৰতিযোগিতাৰ ছেমিফাইনেলত অংশগ্ৰহণ কৰাটো মাত্ৰ তৃতীয়বাৰৰ বাবেহে হ’ব। ইয়াৰ পূৰ্বে ১৯৬০ চনত ফ্ৰেন্স অ’পেনত নিকোলা পিট্ৰেঞ্জেলি আৰু অৰলেণ্ডো চিৰোলাই ছেমিফাইনেলত প্ৰৱেশ কৰিছিল আৰু যোৱা বছৰ জানিক চিনাৰ আৰু লৰেঞ্জো মুছেট্টিয়ে একেলগে ছেমিফাইনেলত প্ৰৱেশ কৰিছিল। Share this:FacebookX Related Post navigation মণিপুৰত মাদকদ্ৰব্য বিৰোধী অভিযানৰ সময়ত ভয়ংকৰ আক্ৰমণ; কৰ্তব্যৰত আৰক্ষী কমাণ্ডো নিহত অ’কলিয়ে নিজৰ প্লেয়াৰ্ছ কালেকচন অভিযানৰ শেহতীয়া সংস্কৰণ মুকলি কৰিছে