ঘাতক ঘনকান্ত গগৈৰ এনকাউণ্টাৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। হোটেল বিলাস ইনৰ পাঁচজনীয়া নৰসংহাৰ কাণ্ডৰ মূল অভিযুক্ত শিৱসাগৰত আৰক্ষীৰ গুলীত নিহত হোৱাৰ পিছতে বিধায়কগৰাকীয়ে প্ৰকাশ কৰে যে এজন পেছাদাৰী হত্যাকাৰীৰ মৃত্যুক লৈ কাৰো শোক প্ৰকাশৰ প্ৰয়োজন নাই।

সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক অখিল গগৈয়ে কয়, “মই এই ঘটনাত সুখী নহয় যদিও দুখ প্ৰকাশো কৰা নাই। সি এজন বৃত্তিসম্পন্ন হত্যাকাৰী আৰু উগ্ৰপন্থী আছিল। আৰক্ষীৰ গুলীত এজন উগ্ৰপন্থী নিহত হৈছে, গতিকে ইয়াক লৈ কোনোবাই দুখ প্ৰকাশ কৰাৰ প্ৰয়োজন নাই। কিন্তু আপোনালোকে জানে যে মই এনকাউণ্টাৰ সমৰ্থন নকৰোঁ।”

হোটেল বিলাস ইনৰ নৰসংহাৰ কাণ্ডৰ দ্ৰুত বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাটো বিচাৰিছিল বুলি উল্লেখ কৰি গগৈয়ে কয় যে আৰক্ষীয়ে ১৫ দিনৰ ভিতৰত অভিযোগনামা দাখিল কৰি তিনি মাহৰ ভিতৰত আদালতৰ জৰিয়তে মৃত্যুদণ্ড নিশ্চিত কৰা হ’লেহে প্ৰকৃত ন্যায় হ’লহেঁতেন। এটা প্ৰৱঞ্চনাৰ (৪২০) গোচৰত তদন্তৰ বাবে নিয়াৰ সময়ত সংঘটিত এই এনকাউণ্টাৰ প্ৰক্ৰিয়াক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰে।

বিধায়কগৰাকীয়ে দাবী কৰে যে ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰ চমুকৈ এন চি আৰ বি-ৰ তথ্য অনুসৰি ঘনকান্ত গগৈ সমগ্ৰ দেশৰ ভিতৰতে অন্যতম ডাঙৰ অপৰাধী আছিল। এনে এজন অপৰাধী নিহত হোৱাত তেওঁৰ লগতে সকলো আনন্দিত হৈছে যদিও আদালতৰ জৰিয়তে ফাটেকলৈ প্ৰেৰণ কৰি ফাৰ্চী দিয়া হ’লে তেওঁ অধিক সুখী হ’লহেঁতেন।

Leave a Reply

Your email address will not be published. Required fields are marked *