গুৱাহাটী মহানগৰীৰ হোটেল বিলাস ইন কাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈ আৰু নাই ৷ অসম আৰক্ষীৰ এনকাউণ্টাৰত ঘনকান্ত গগৈৰ মৃত্যু হয় ৷ পাঁচজনকৈ নিৰীহক গুলীয়াই হত্যা কৰা ঘনকান্তৰ অসম আৰক্ষীৰ গুলীত নিহত হয় ৷ শিৱসাগৰৰ ফুলপানীছিগাত ৰংমন ধাবাৰ সমীপত আৰক্ষীৰ গুলীত ঘনকান্ত গগৈ গুৰুতৰভাৱে আহত হৈছিল । চিকিৎসালয়লৈ নিয়াৰ পথত ঘনকান্তৰ মৃত্যু হয় ৷ পুৱতি নিশা প্ৰায় ৩.১০ বজাত এই ঘটনা সংঘটিত হয় ৷আদবাটতে আৰক্ষীৰ উপ-পৰিদৰ্শক দেৱাশীষ শৰ্মাৰ পৰা পিষ্টল কাঢ়ি লৈ গুলীচালনা কৰি ঘনকান্তই পলায়নৰ চেষ্টা চলোৱা বুলি আন এক অভিযোগ পোৱা গৈছে ।আৰক্ষীয়েও এই কথাত গুলীৰে প্ৰত্যুত্তৰ দিয়ে ৷ আৰক্ষীৰ গুলী লগাৰ পিছতে ঘনকান্তক চিকিৎসালয়লৈ নিয়া হৈছিল ৷ অৱশ্যে চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ৷ Share this:FacebookX Related Post navigation মধ্যপ্ৰাচ্যৰ চলি থকা সংকটৰ প্ৰভাৱ পৰিব ৰাজ্যবাসীৰ ওপৰত টিভিএছৰ মালিকানাধীন নৰ্টনে গোলকীয় সম্প্ৰসাৰণৰ বাবে মুকলি কৰিলে ৪৫০ চিচিৰ আৰবান মটৰচাইকেল