মধ্যপ্ৰাচ্যৰ চলি থকা সংকটৰ প্ৰভাৱ পৰিব ৰাজ্যবাসীৰ ওপৰত। প্ৰতি ইউনিট বিদ্যুতৰ বিপৰীতে ৫ পইচাকৈ মাচুল বৃদ্ধি কৰাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। অৱশ্যে এই বৰ্ধিত মাচুল সম্পূৰ্ণ সাময়িক হ’ব বুলি স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
মধ্যপ্ৰাচ্যৰ চলি থকা সংকটৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি, প্ৰতি ইউনিট বিদ্যুতৰ বিপৰীতে ৫ পইচাকৈ বৃদ্ধি পাব মাচুল।অৱশ্যে এই সিদ্ধান্তক লৈ ৰাজ্যবাসীৰ মাজত উদ্বেগ সৃষ্টি হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে এইয়া এক সম্পূৰ্ণ সাময়িক ব্যৱস্থা।মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে যে, প্ৰায় তিনি মাহৰ পিছত পৰিস্থিতি স্বাভাৱিক হ’লে অথবা মধ্যপ্ৰাচ্যৰ সংকটৰ প্ৰভাৱ হ্ৰাস পালে এই বৰ্ধিত মাচুল প্ৰত্যাহাৰ কৰা হ’ব।গ্ৰাহকৰ ওপৰত যাতে অতিৰিক্ত আৰ্থিক বোজা নপৰে, তাৰ প্ৰতিও চৰকাৰে বিশেষ সতৰ্কতা অৱলম্বন কৰিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, “যাতে বিদ্যুৎ মাচুলৰ বৃদ্ধি ৫ পইচাতকৈ বেছি নহয় তাৰবাবে মই নিৰ্দেশ দিছোঁ। এইয়া কেৱল এক সাময়িক বৃদ্ধিহে হ’ব।”মধ্যপ্ৰাচ্যৰ সংকটৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সাময়িক ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক আশ্বাস দিয়ে যে পৰিস্থিতি সুস্থিৰ হোৱাৰ লগে লগে বৰ্ধিত মাচুল কৰ্তন কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *