বিশ্ব অভিলেখ গঢ়ি ইতিহাস ৰচিলে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে। মাত্ৰ ৯ ঘণ্টাৰ ভিতৰতে নিৰ্মাণ কৰা হ’ল ১০৮টা বৌদ্ধ স্তূপ। প্ৰায় ৬ হাজাৰ স্বেচ্ছাসেৱকৰ অংশগ্ৰহণেৰে ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিত সৃষ্টি কৰা এই অভিলেখে স্থান লাভ কৰিলে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছত। বিশ্ব অভিলেখ গঢ়ি ইতিহাস ৰচিলে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ জনসাধাৰণে। যোৱা ১ নৱেম্বৰত ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ মাও চু নৈৰ পাৰত সংঘটিত হয় এই ঐতিহাসিক ঘটনা। মাত্ৰ ৯ ঘণ্টাৰ ভিতৰতে নিৰ্মাণ কৰা হয় ১০৮টা জাংচুব ছৰ্টেন অৰ্থাৎ বৌদ্ধ স্তূপ। প্ৰায় ১২ কিলোমিটাৰজোৰা এলেকা সামৰি মাজনিশা ৩ বজাৰ পৰা দুপৰীয়া ১২ বজাৰ ভিতৰত সম্পূৰ্ণ কৰা হয় এই নিৰ্মাণ কাৰ্য। এই ঐতিহাসিক কাৰ্যত অংশগ্ৰহণ কৰে প্ৰায় ৬ হাজাৰ স্বেচ্ছাসেৱকে। স্বেচ্ছাসেৱকসকলে একত্ৰিত হৈ নিৰ্মাণ কৰে ১৫ মিটাৰ উচ্চতাৰ ১০৮টা বৌদ্ধ স্তূপ। মাত্ৰ ৯ ঘণ্টাৰ ভিতৰত বৃহৎ সংখ্যক বৌদ্ধ স্তূপ নিৰ্মাণ কৰি বিশ্ব অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হয় ভূটানৰ জনসাধাৰণে। এই ঐতিহাসিক কৃতিত্বৰ স্বীকৃতি স্বৰূপে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছ কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে গেলেফু মাইণ্ডফুলনেছ চিটিৰ গৱৰ্ণৰক প্ৰদান কৰে প্ৰমাণপত্ৰ। Share this:FacebookX Related Post navigation ‘মই হয়তো জীয়াই নাথাকিম’–গৰিমা শইকীয়া গাৰ্গ মধ্যপ্ৰাচ্যৰ চলি থকা সংকটৰ প্ৰভাৱ পৰিব ৰাজ্যবাসীৰ ওপৰত