ব্ৰিটিছ মটৰচাইকেল নিৰ্মাতা কোম্পানী নৰ্টন মটৰচাইকেলছে সম্পূৰ্ণ নতুন ৪৫০ চিচিৰ আৰবান মটৰচাইকেল উন্মোচন কৰিছে, যিয়ে টিভিএছ মটৰ কোম্পানীৰ মালিকানাধীন ব্ৰেণ্ডটোৰ গোলকীয় পুনৰুত্থানৰ পৰৱৰ্তী পৰ্যায়ৰ সূচনা কৰিলে। আধুনিক চহৰীয়া পৰিবহনৰ বাবে ডিজাইন কৰা এই বাহনখনত লিকুইড-কুলড ৪৫৪ চিচিৰ ছিংগল-চিলিণ্ডাৰ ইঞ্জিন ব্যৱহাৰ কৰা হৈছে, যিয়ে ৪৫ এনএম টৰ্ক উৎপন্ন কৰে। ইয়াৰ উপৰি এই বাহনখন এক পাতল এলুমিনিয়াম ফ্ৰেমৰ ওপৰত নিৰ্মিত আৰু ইয়াত এটা ৮ ইঞ্চিৰ টিএফটি টাচস্ক্ৰীন ডিছপ্লে সংযোগ কৰা হৈছে।

এই শেহতীয়া মুকলি ভাৰত আৰু আমেৰিকাকে ধৰি প্ৰধান আন্তঃৰাষ্ট্ৰীয় বজাৰত সম্প্ৰসাৰণৰ বাবে নৰ্টনৰ ব্যাপক ৰণকৌশলৰ সৈতে সংগতি ৰাখি কৰা হৈছে। টিভিএছ মটৰ কোম্পানীৰ গোলকীয় গৱেষণা আৰু উন্নয়ন আৰু অভিযান্ত্ৰিক ক্ষমতাৰ দ্বাৰা চালিত এই মটৰচাইকেলখনৰ আনুষ্ঠানিক বিক্ৰী ২০২৭ চনত আৰম্ভ হ’ব আৰু ইয়াৰ মডেলৰ নাম আনুষ্ঠানিকভাৱে মুকলিৰ পূৰ্বে ঘোষণা কৰা হ’ব।

গুৱাহাটী মহানগৰীৰ দৰে বজাৰসমূহত, য’ত যুৱ পেচাদাৰী আৰু ভ্ৰমণপ্ৰেমীসকল বেছি, তেনে অঞ্চলত প্ৰিমিয়াম মিড-কেপাচিটিৰ মটৰচাইকেলৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পাইছেম এই শেহতীয়া মুকলিয়ে অনুৰাগীৰ মাজত তীব্ৰ আগ্ৰহৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলত উচ্চ মানদণ্ডৰ দুচকীয়া বাহনৰ খুচুৰা নেটৱৰ্ক সম্প্ৰসাৰিত হোৱাৰ পৰিপ্ৰেক্ষিতত টিভিএছ মটৰৰ ইক’চিষ্টেমৰ জৰিয়তে নৰ্টনৰ ভাৰতত আগন্তুক প্ৰৱেশ আৰু পদক্ষেপে ঐতিহাসিক ব্ৰিটিছ ব্ৰেণ্ডটোৰ উপস্থিতিৰ বাবে গুৱাহাটীক এক কৌশলগত প্ৰৱেশদ্বাৰ হিচাপে প্ৰতিষ্ঠা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *