চোৰাং ব্যৱসায়ত জড়িত এজন ব্যক্তিক কৰায়ত্ত কৰিবলৈ গৈ স্থানীয় একাংশ ক্ষুব্ধ গাঁওবাসীৰ প্ৰচণ্ড আক্ৰমণৰ বলি হ’ল সীমান্ত সুৰক্ষা বাহিনীৰ তিনিজনকৈ জোৱান। ত্ৰিপুৰাৰ চিপাহীজলা জিলাৰ আশাৰাবাৰী সীমান্ত চকী এলেকাত সংঘটিত এই ঘটনাত জোৱানকেইজন আহত হোৱাৰ উপৰিও চৰকাৰী বাহন ক্ষতিসাধনৰ ঘটনাও পোহৰলৈ আহে। এই কাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে ছয়জন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, সন্দেহযুক্ত এজন চোৰাং ব্যৱসায়ীক বি এছ এফ জোৱানে আটক কৰাৰ লগে লগে উত্তেজিত হৈ পৰে এটা দল। আক্ৰমণকাৰীসকলে নিৰাপত্তাৰক্ষীৰ দলটোক ঘেৰাও কৰি বাহনখনত আক্ৰমণ চলোৱাৰ লগতে জোৱানসকলৰ হাতৰ পৰা অস্ত্ৰ কাঢ়ি নিবলৈও চেষ্টা চলায়। আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা মতে, এই ঘটনাত জড়িত ছয়জন গাঁওবাসীক গ্ৰেপ্তাৰ কৰাৰ উপৰিও আন কেইবাজনকো সোধা-পোছাৰ বাবে কলমচৌৰা আৰক্ষী থানালৈ লৈ যোৱা হৈছে। ইফালে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাই সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে এই কাণ্ডক গৰিহণা দি কয়, “আমাৰ সাহসী বি এছ এফ জোৱানসকলৰ ওপৰত দুৰ্বৃত্তৰ দলে চলোৱা বৰ্বৰ আক্ৰমণক মই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। নিৰাপত্তা বাহিনীৰ ওপৰত এনে হিংসাত্মক কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয় আৰু ই একেমুখে নিন্দনীয়।” নিৰাপত্তাৰক্ষীৰ ওপৰত চলোৱা যিকোনো আক্ৰমণ এক গুৰুতৰ উদ্বেগৰ বিষয় বুলি উল্লেখ কৰি তেওঁ কয় যে আইন অনুসৰি এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব। ইয়াৰ সমান্তৰালকৈ দোষীক ক্ষিপ্ৰতাৰে শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনক স্পষ্ট নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। Share this:FacebookX Related Post navigation শতাধিক প্ৰতিমা বিসৰ্জনৰ পাছতো চাফা নকৰিলে পৌৰ নিগমে – সাওকুছিত কদৰ্যময় পৰিৱেশ