২০২৭ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্ততে শাসকীয় দলত নামি আহিল প্ৰচণ্ড ৰাজনৈতিক জোকাৰণি। দলীয় নেতৃত্বৰ সৈতে বৃদ্ধি পোৱা সংঘাত আৰু অসন্তুষ্টিৰ ফলশ্ৰুতিত আম আদমি পাৰ্টী ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে পঞ্জাৱৰ তিনি বিদ্ৰোহী বিধায়কে। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত আনুষ্ঠানিকভাৱে গেৰুৱা শিবিৰত চামিল হয় কোঁৱৰ বিজয় প্ৰতাপ সিং, হৰমীত সিং পাঠানমাজৰা আৰু চেতন সিং জোৰামাজৰা। পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ বাবে আম আদমি পাৰ্টীয়ে ৪০ জনীয়া প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা কৰাৰ মাত্ৰ কেইটামান দিনৰ পিছতে এই নাটকীয় ৰাজনৈতিক পটপৰিৱৰ্তন ঘটে। প্ৰথম তালিকাত নাম নথকা আৰু সমষ্টিসমূহৰ দায়িত্ব আন নেতাক চমজাই দিয়াত ক্ষোভিত হৈ ছানাউৰ সমষ্টিৰ বিধায়ক হৰমীত সিং পাঠানমাজৰা আৰু সমানা সমষ্টিৰ বিধায়ক চেতন সিং জোৰামাজৰাই দেওবাৰে দলৰ প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ কৰে। দলৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাললৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি দল ত্যাগৰ সিদ্ধান্ত ঘোষণা কৰে পাঠানমাজৰাই। আনহাতে ভগৱন্ত মান চৰকাৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী চেতন সিং জোৰামাজৰাই সামাজিক মাধ্যমৰ যোগেৰে দল এৰাৰ কথা ৰাজহুৱা কৰে। বিগত সময়ছোৱাত সমানা সমষ্টিত শিৰোমণি আকালি দলৰ প্ৰাক্তন নেতা সুৰজিৎ সিং ৰাখৰাক সমষ্টিৰ দায়িত্ব অৰ্পণ কৰাৰ পাছৰে পৰাই দলৰ নেতৃত্বৰ সৈতে জোৰামাজৰাৰ সংঘাত বৃদ্ধি পাইছিল। আনহাতে অমৃতসৰ উত্তৰ সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন আই পি এছ বিষয়া কোঁৱৰ বিজয় প্ৰতাপ সিঙে সোমবাৰে বিধায়ক পদৰ পৰা পদত্যাগ কৰে। বিধানসভাৰ অধ্যক্ষ কুলতাৰ সিং সান্ধৱানক পদত্যাগ পত্ৰ দাখিল কৰি সিঙে এই সিদ্ধান্ত ১ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱা বুলি সদৰী কৰে। উল্লেখ্য যে, জ্ঞাত আয় বহিৰ্ভূত সম্পত্তি আহৰণৰ গোচৰত শিৰোমণি আকালি দলৰ নেতা বিক্ৰম সিং মজিঠিয়াৰ বিৰুদ্ধে তদাৰকী বিভাগৰ তদন্তৰ মুকলি সমালোচনা কৰাৰ বাবে ২০২৫ চনৰ জুন মাহতে কোঁৱৰ বিজয় প্ৰতাপ সিঙক দলবিৰোধী কাৰ্যকলাপৰ অভিযোগত পাঁচ বছৰৰ বাবে নিলম্বন কৰিছিল আম আদমি পাৰ্টীয়ে। বিধানসভাৰ পৰা পদত্যাগৰ পিছতেই অমৃতসৰৰ ৰাইজক উদ্দেশ্যি এক বাৰ্তা প্ৰেৰণ কৰে প্ৰাক্তন আই পি এছ বিষয়াগৰাকীয়ে। বিধায়কগৰাকীয়ে কয় যে ৰাজ্যখনক ড্ৰাগছ, ধন দাবী, গুণ্ডাৰাজ আৰু দুৰ্নীতিৰ কবলৰ পৰা মুক্ত কৰি বিকাশৰ পথলৈ ঘূৰাই আনিবলৈ এক স্বচ্ছ প্ৰশাসন আৰু পৰিষ্কাৰ ৰাজনীতিৰ প্ৰয়োজন। নিজৰ একমাত্ৰ লক্ষ্য ‘পঞ্জাৱ ফাৰ্ষ্ট’ বুলি উল্লেখ কৰি তেওঁ কোনো ব্যক্তিগত স্বাৰ্থ নথকাৰ কথাও স্পষ্ট কৰে। ২০২২ চনৰ বিধানসভা নিৰ্বাচনত ১১৭ খন আসনৰ ভিতৰত ৯২ খন আসনেই দখল কৰি পঞ্জাৱত চৰকাৰ গঠন কৰিছিল আম আদমি পাৰ্টীয়ে। কিন্তু বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ সময়তে একেলগে তিনিগৰাকী বিধায়কে পদত্যাগ কৰি বিজেপিত যোগদান কৰাটো শাসকীয় দলটোৰ বাবে এক মোক্ষম ৰাজনৈতিক আঘাত হিচাপে বিবেচিত হৈছে। Share this:FacebookX Related Post navigation বেংগালুৰুত জ্বলা নুডলছক লৈ হোৱা কাজিয়াৰ পিছত অসমৰ ফাষ্ট-ফুড দোকানৰ কৰ্মচাৰীক প্ৰহাৰ