মঘাই মোহন কৃষ্টি সংঘৰ উদ্যোগত আয়োজিত তিনিদিনীয়া ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী শ্ৰদ্ধাৰ্ঘ আৰু দীপক শৰ্মা সোঁৱৰণী বাঁহীৰ উচ্চাংগ সংগীতৰ কৰ্মশালা খনি আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে। প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি আজি পুৱা জ্যোতি চিত্ৰবনত ৯.৩০ বজাত ২০২৫ চনত হেৰুওৱা বিশিষ্ট ব্যক্তি সকলৰ লগতে ড° ভূপেন হাজৰিকাৰ প্ৰতি ৰাজহুৱা ভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে উদ্যোগতা সকলে। এই অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট বাঁহী বাদক পণ্ডিত সমীৰ ৰাও, পাৰিষদ স্বপ্না দেৱী মঘাই মোহন কৃষ্টি সংঘৰ সভাপতি,তথা বিশিষ্ট সমাজকৰ্মী ,সাহিত্যক দিলীপ বৰা, কবি সমাজসেৱী , সৰোজিনী বসুমতাৰী, ক্ৰীড়া সংগঠক বিজুৰাম নুনিছা সমাজ সেৱক কনক চক্ৰৱৰ্তীকে ধৰি আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। ইয়াৰ পাছতেই অৰ্ধশতাধিক বাঁহী বাদকৰ উপস্থিতিৰে অনুষ্ঠিত কৰা হয় পণ্ডিত সমীৰ ৰাওৰ বাঁহীৰ কৰ্মশালা। Share this:FacebookX Related Post navigation লোক সেৱা ভৱনত চুক্তি স্বাক্ষৰ, অসমক বিশেষ কৰ্কট যত্নৰ কেন্দ্ৰ হিচাপে গঢ়াৰ লক্ষ্য