পুনৰ এবাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰত উজলি উঠিল অসম। ফিনলেণ্ডৰ টেম্পেয়াৰত অনুষ্ঠিত ৪৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় টাম্মেৰ বক্সিং টুৰ্ণামেণ্টত স্বৰ্ণ পদক অৰ্জন কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে অসম সন্তান বক্সাৰ অংকুশিতা বড়োৱে। প্ৰতিযোগিতাখনৰ ফাইনেলত গ্ৰেট বৃটেইনৰ প্ৰতিদ্বন্দ্বী এলা থম্পছনক ৪-১ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ পদক দখল কৰিবলৈ সক্ষম হয় অংকুশিতা। উল্লেখ্য যে, ৩০ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছিল সন্মানীয় আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাখন। প্ৰতিযোগিতাৰ বিভিন্ন পৰ্যায়ত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই ফাইনেলত প্ৰৱেশ কৰাৰ লগতে শীৰ্ষ প’ডিয়ামত স্থান লাভ কৰে অসম কন্যাগৰাকীয়ে। অংকুশিতা বড়োৰ এই সফলতাই পুনৰবাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া জগতত অসমৰ প্ৰতিভাৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে। তেওঁৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে ৰাজ্যৰ ক্ৰীড়াপ্ৰেমী ৰাইজ। Share this:FacebookX Related Post navigation ‘অৰ্ণৱ’ৰ পিছতে পুনৰ ঘূৰ্ণীবতাহৰ আশংকা! বংগোপসাগৰত সৃষ্টি ‘মুৰাছু’, অন্ধ্ৰপ্ৰদেশত য়েল্ল’ এলাৰ্ট