বিসৰ্জনৰ ১২ টা দিন উকলি যোৱাৰ পাছতো চাফ চিকুণ নহল লখৰা সাউকুছি বিসৰ্জন ঘাট।আজিও লেতেৰা, কদৰ্যময় পৰিৱেশ সাওকুচি বিসৰ্জন ঘাট। এক প্ৰকাৰে স্তব্ধ হৈ পৰিছে এতিয়া বশিষ্ঠ নৈ।নৈৰ বুকু ভৰি আছে দেৱী প্ৰতিমা আৰু আৱৰ্জনাৰে।২১ অক্টোবৰ বিজয়া দশমিত শতাধিক দুৰ্গা পূজা উদযাপন সমিতিয়ে প্ৰতিমা আৰু ঘট বিসৰ্জন দিছিল এই ঘাটত।কিন্তু গুৱাহাটী পৌৰ নিগমে আজি পৰ্যন্ত চাফ চিকুণ নকৰিলে ঘাট তথা বশিষ্ঠ নৈ । এইবৰ্ষৰ দুৰ্গা পূজাত গুৱাহাটী পৌৰ নিগমে বিশেষ গুৰুত্ব দিছিল চাফ চিকুণতকিন্তু তাৰ পিছতো ঘাটৰ এনে কদৰ্যময় পৰিৱেশে উত্থাপন কৰিছে প্ৰশ্নএইয়া পৌৰ নিগমৰ হেমাহি, নে প্ৰতিমা বিসৰ্জন ঘাট সমিতিৰ অৱহেলা। Share this:FacebookX Related Post navigation গুৱাহাটীত অনুষ্ঠিত উত্তৰ-পূব পৰ্যটন আৰু আতিথ্য দক্ষতা সন্মিলন