মানকাচৰ আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযানত নিচাজাতীয় টেবলেটসহ আটক এজন যুৱক। মানকাচৰৰ ২ নং পূবেৰ গাঁৱত আৰক্ষীয়ে চলাইছিল এই অভিযান। অভিযানৰ সময়ত হাছিবুল ইছলাম নামৰ যুৱকজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয় নিচাজাতীয় টেবলেট। নিচাজাতীয় সামগ্ৰী সৰবৰাহত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আটক কৰে হাছিবুল ইছলামক। ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে মানকাচৰত সংঘটিত এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। Share this:FacebookX Related Post navigation আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালে অষ্ট্ৰেলিয়ান তাৰকা গ্লেন মেক্সৱেলে বিত্তীয় বৰ্ষৰ প্ৰথম ১০ মাহত ৰেন’ ইণ্ডিয়াৰ বিক্ৰী ৩১% বৃদ্ধি, অতিক্ৰম কৰিলে ২০২৫ চনৰ সমগ্ৰ বছৰটোৰ বিক্ৰীৰ সংখ্যাক